ডিব্ৰুগড়,17মাৰ্চ :নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত প্ৰতিদিনে জব্দ হ'বলৈ লৈছে ধন আৰু সুৰা ৷ ঠিক তেনে সময়তে মংগলবাৰে ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত ডিকমৰ নাহৰচুক গাঁৱত বৃহৎ পৰিমাণৰ দেশীয় আৰু বিদেশী সুৰা জব্দ কৰা হয় ৷ বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি চলোৱা অভিযানত জব্দ কৰা হয় সুৰাখিনি ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ৬০-৭০ হাজাৰ টকা হ'ব ৷
উল্লেখ্য যে, বিশেষ সূত্ৰই জনোৱা খবৰ অনুসৰি লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালা আৰু ডিকম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বুবুল সোণোৱালৰ নেতৃত্বত নাহৰচুক গাঁৱত চলিছিল অভিযান ৷ এই অভিযানতেই বৃহৎ পৰিমাণৰ সুৰাখিনি জব্দ কৰা হয় ৷