অসম

assam

ETV Bharat / state

টিংখাঙৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ এক অনন্য পৰিৱেশ - কোৱাৰেণ্টাইন চেণ্টাৰ

টিংখাঙত বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে বিদ্যালয়ে-বিদ্যালয়ে সাজু কৰি তোলা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ । কোনো কাৰণতে যাতে বহিঃৰাজ্যৰ পৰা অহা লোক অন্য লোক অথবা সামাজিক সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ বাবে টিংখাঙৰ প্ৰশাসনে সুন্দৰকৈ সকলো ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে ।

ETV BHARAT
টিংখাঙৰ কোৱাৰেন্টাইন কেন্দ্ৰত সমুহত অন্য এক পৰিৱেশ

By

Published : May 23, 2020, 1:32 PM IST

টিংখাং,23 মেঃ ডিব্ৰুগড় জিলাৰ টিংখাঙত বিদ্যালয়ে বিদ্যালয়ে সাজু কৰি তোলা হৈছে বহু কোৱাৰেন্টাইন কেন্দ্ৰ ৷ উক্ত কোৱাৰেন্টাইন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্য চক্ৰ বিষয়াৰ লগতে প্ৰশাসনৰ লোকে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে বহিঃৰাজ্যৰ পৰা ৰাজ্যলৈ বহু লোক উভতি আহিছে ৷ তেনে সময়তে ডিব্ৰুগড় জিলাৰ টিংখাঙতো অন্য এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৷

টিংখাঙৰ কোৱাৰেন্টাইন কেন্দ্ৰত সমুহত অন্য এক পৰিৱেশ

টিংখাঙত বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে বিদ্যালয়ে-বিদ্যালয়ে সাজু কৰি তোলা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ । বহিঃৰাজ্যত কৰ্মৰত কেইবা হাজাৰ লোক আহিবলৈ সাজু হৈছে বুলি ডিব্ৰুগড় জিলা প্ৰশাসনে জনাইছে । বহিঃৰাজ্যৰ পৰা উভতি অহা লোকসকলক লৈ ইতিমধ্যে টিংখাঙৰ কেইবাখনো বিদ্যালয়ত সুন্দৰকৈ সাজু কৰি তুলিছে কোৱাৰেণ্টাইন কেন্দ্ৰ ৷ বহিঃৰাজ্যৰ পৰা আহি পাবলগীয়া লোকসকলে যাতে কোনো কাৰণতে অন্য ব্যক্তি তথা সামাজিক সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ বাবে টিংখাঙৰ প্ৰশাসনে সুন্দৰকৈ সকলো ব্যৱস্থা গঢ়ি তুলিছে । নিয়মীয়াভাৱে টিংখাঙৰ বিধায়কসহ প্ৰশাসনৰ লোকৰ লগতে আৰক্ষীয়ে পৰ্যবেক্ষণ কৰিছে সকলো কোৱাৰেণ্টাইন কেন্দ্ৰ ।

লগতে পঢ়ক-বহিঃৰাজ্যৰ পৰা ঘূৰি অহা শ্ৰমিকলৈ এসপ্তাহৰ ভিতৰত এনৰেগাৰ কাম !

ABOUT THE AUTHOR

...view details