মৰাণ, 2 আগষ্ট : ৰাজ্যত অব্যাহত থকা ক'ভিড ভয়াৱহতাৰ মাজতে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ অভিযানত ইতিমধ্যেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ হৈছে কোটি কোটি টকাৰ ড্ৰাগছ সহ অন্যান্য নিচাজাতীয় সামগ্ৰী ৷ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱা পিছতো কিন্তু এতিয়াও একাংশ লোকে অবৈধভাৱে এই সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ৷ সোমবাৰে মৰাণহাট থানাৰ অন্তৰ্গত চেপন আৰক্ষী চকীৰ বিষয়া প্ৰতাপ শৰ্মাৰ নেতৃত্বত বিভিন্ন স্থানত চলিল অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান ৷
প্ৰাপ্ত খবৰ অনুসৰি, আৰক্ষী বিষয়া প্ৰতাপ শৰ্মাৰ নেতৃত্বত চেপনৰ অল্ড লাইনত অভিযান চলাৰ লগতে দিৰৈ নদীৰ কাষৰীয়া অঞ্চলতো অবৈধ চুলাই মদৰ বিৰুদ্ধে চলে এই অভিযান ৷ অভিযানত আৰক্ষীয়ে প্ৰায় এহাজাৰ লিটাৰ চুলাই, সাজ, ৰঙা আদি নষ্ট কৰাৰ লগতে চুলাই প্ৰস্তুত কৰাত ব্যৱহৃত সামগ্ৰী নষ্ট কৰে ৷ পৰৱৰ্তী সময়তো এই অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া প্ৰতাপ শৰ্মাই ৷ অবৈধ চুলাই মদৰ বেহা বন্ধ নোহোৱা পৰ্যন্ত আৰক্ষীয়ে অভিযান চলাই যাব বুলি প্ৰকাশ কৰিছে বিষয়া গৰাকীয়ে ৷