অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে আবন্টিত ভূমি বিক্ৰীৰ অভিযোগ - মটক যুৱ ছাত্ৰ সন্থা

দালাল চক্ৰই বিক্ৰী কৰিলে ভূপেন হাজৰিকা আৰু সৰ্বানন্দ সিংহৰ স্মৃতি সৌধৰ বাবে আবন্টিত ভূমি। ২০১৭ চনত বানীপুৰত ভূপেন হাজৰিকাৰ স্মৃতি শৌধ নিৰ্মাণৰ বাবে বকুল চাহ বাগিচাৰ কৰ্তৃপক্ষই প্ৰদান কৰিছিল ১ বিঘা ৩ কঠা ভূমি। মটক যুৱ ছাত্ৰ সন্থা নামৰ জনগোষ্ঠীয় সংগঠনৰ যোগেদি আবন্টন কৰিছিল মাটি খিনি।

land-scandal-at-dibrugarh-dr-bhupen-hazarika
ডিব্ৰুগড়ত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে আবন্টিত ভূমি বিক্ৰীৰ অভিযোগ

By

Published : Nov 12, 2020, 10:16 PM IST

ডিব্ৰুগড়,12নৱেম্বৰঃ ডিব্ৰুগড়ৰ বাণীপুৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত আবন্টিত ভূমি গোপনে বিক্ৰী কৰাকলৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি। দালাল চক্ৰই বিক্ৰী কৰিলে ভূপেন হাজৰিকা আৰু সৰ্বানন্দ সিংহৰ স্মৃতি সৌধৰ বাবে আবন্টিত ভূমি । ২০১৭ চনত বানীপুৰত ভূপেন হাজৰিকাৰ স্মৃতি শৌধ নিৰ্মাণৰ বাবে বকুল চাহ বাগিচাৰ কৰ্তৃপক্ষই প্ৰদান কৰিছিল ১ বিঘা ৩ কঠা ভূমি। মটক যুৱ ছাত্ৰ সন্থা নামৰ জনগোষ্ঠীয় সংগঠনৰ যোগেদি আবন্টন কৰিছিল মাটি খিনি। কিন্তু শেহতীয়াকৈ মাটিৰ দালাল চক্ৰৰে লগ লাগি দুই এক নেতাই এবিঘা ভূমি বিক্ৰী কৰি দিয়াৰ অভিযোগ ৰাইজৰ ।

ডিব্ৰুগড়ত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে আবন্টিত ভূমি দালাল চক্ৰৰ দ্বাৰা বিক্ৰীৰ অভিযোগ
ইপিনে ব্যক্তিগত স্বাৰ্থতে তথা ধনৰ বিনিময়তে দালাল চক্ৰই এবিঘা মাটি গোপনে বিক্ৰী কৰাৰ অভিযোগ । বুধবাৰে দালাল চক্ৰৰ এনে কাণ্ডৰ বিৰুদ্ধে ডিব্ৰুগড় বাণীপুৰত অনুষ্ঠিত হয় প্ৰতিবাদী সভা । সভাত ড° ভূপেন হাজৰিকাৰ নামত আগবঢ়োৱা মাটি কোনো পধ্যেই ব্যক্তিগত লাভালাভৰ বাবে বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে স্থানীয় ৰাইজে । মাটি বিক্ৰী কাণ্ডত কেইজনমান সংগঠনৰ নেতা কৰ্মীও জড়িত থকাৰ অভিযোগ ৰাইজৰ।
ডিব্ৰুগড়ত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে আবন্টিত ভূমি বিক্ৰীৰ অভিযোগ
একদৰে উক্ত সভাতে আৰক্ষীৰ কাষ চপাৰো প্ৰস্তাৱ লয় ৰাইজে । ইয়াৰ ওপৰি সভাত উক্ত ভূমিত অনাগত দিনত ড° ভূপেন হাজৰিকাৰ স্মৃতি শৌধ নিৰ্মাণৰ লগতে ৰাজহুৱা অনুষ্ঠান গঢ়ি তোলাৰ উদ্দেশ্যে এখন কমিটীও গঠন কৰে । আনহাতে ৰাজহুৱা ভূমি বিক্ৰী কৰাৰ পৰা বিৰত থাকিবলৈও মাটিৰ দালাল চক্ৰক সকীয়াই দিয়ে বাণীপুৰবাসীয়ে ।
ডিব্ৰুগড়ত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে আবন্টিত ভূমি বিক্ৰীৰ অভিযোগ
লগতে পঢ়কঃ বিটিচিত উৰিব বিজেপিৰ বিজয়ধ্বজা: ৰঞ্জিত দাস

ABOUT THE AUTHOR

...view details