অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰত সম্পূৰ্ণ পাৰম্পৰিক নীতি-নিয়মেৰে উদযাপন লক্ষ্মী পূজা

ডিব্ৰুগড়ৰ বৰপথাৰ কমাৰ গাঁৱত দেখা গ’ল লক্ষ্মী পূজাৰ ব্যাপক উচাহ উদ্দীপনা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ অঞ্চলটোত আই লক্ষ্মীক আদৰাৰ পৰম্পৰাগত দৃশ্য দেখা গৈছে । মহাপুৰুষীয়া নামঘৰৰ উদ্যোগত আয়োজিত এই পূজাভাগ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে পালন কৰা হয় ।

By

Published : Oct 30, 2020, 10:31 PM IST

পাৰম্পৰিক নীতি-নিয়মেৰে পালন কৰা হ’ল লক্ষ্মী পূজা
পাৰম্পৰিক নীতি-নিয়মেৰে পালন কৰা হ’ল লক্ষ্মী পূজা

ডিব্ৰুগড়, 30 অক্টোবৰ :আজি সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হ’ল ধন ঐচৰ্যৰ দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা ৷ ডিব্ৰুগড়ৰ বৰপথাৰ কমাৰ গাঁৱতো দেখা গ’ল লক্ষ্মী পূজাৰ ব্যাপক উচাহ-উদ্দীপনা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ অঞ্চলটোত আই লক্ষ্মীক আদৰাৰ পৰম্পৰাগত দৃশ্য দেখা গৈছে । গঞা ৰাইজৰ ভক্তি ৰসত বিলীন হোৱা পৰিবেশে মুগ্ধ কৰি তুলিছে চৌপাশ ।

পাৰম্পৰিক নীতি-নিয়মেৰে পালন কৰা হ’ল লক্ষ্মী পূজা

প্ৰতি বছৰৰ দৰে এইবাৰো আয়োজন কৰা হৈছে এই লক্ষ্মী পূজা ৷ মহাপুৰুষীয়া নামঘৰৰ উদ্যোগত আয়োজিত এই পূজাভাগ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি পৰম্পৰাৰে পালন কৰা হয় ।

আয়তিসকলৰ নাম গুণেৰে মুখৰিত হৈ পৰা লক্ষ্মী পূজাৰ পানী তুলিবলৈ ভকত বৈষ্ণৱৰ সৈতে যুৱক যুৱতীসকলেও অংশগ্ৰহণ কৰি এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক :মাঞ্জা আৰক্ষীৰ জালত চাৰি আন্তঃৰাজ্যিক গাড়ী চোৰ

ABOUT THE AUTHOR

...view details