অসম

assam

ETV Bharat / state

চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত সাংস্কৃতিক সাধক লক্ষেশ্বৰ দাস - হাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেৱক সংঘ

প্ৰাক্ ঐতিহাসিক যুগৰ পৰা প্ৰচলিত ধ্ৰুপদাংগ গায়নৰ লগত সংগত কৰা মৃদংগ হৈছে প্ৰধান শাস্ত্ৰীয় বাদ্য ৷ এই বাদ্য কান্ধত লৈ অনিৰুদ্ধদেৱৰ গীত মাতেৰে মায়ামৰা সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰি বিভিন্ন মাংগলিক কাম সম্পন্নৰ দায়িত্বভাৰ পালন কৰি গৈছে মায়ামৰা সাংস্কৃতিক সাধক তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী লক্ষেশ্বৰ দাসে ৷ মৃদংগৰ প্ৰশিক্ষক হিচাপে প্ৰতিষ্ঠা লাভ কৰি দীৰ্ঘদিন ধৰি গাঁৱে-ভূঁঞে প্ৰশিক্ষণ দি আহিছে সাংস্কৃতিক সাধকগৰাকীয়ে ৷

Laksheshwar Das, a cultural activist deprived of government benefits
চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত সাংস্কৃতিক সাধক লক্ষেশ্বৰ দাস

By

Published : Oct 26, 2020, 12:40 PM IST

মৰাণ, 26অক্টোবৰঃআধুনিকতাৰ সৈতে খাপ খুৱাই সংস্কৃতিৰ সাধকসকলে পৰিৱেশ পৰিস্থিতি মতে বিভিন্ন শিল্পৰ সৃষ্টি কৰে ৷ কিন্তু নীৰৱে পৌৰাণিক ৰীতি-নীতিৰ আধাৰত সাংস্কৃতিক সাধনা বা চৰ্চা কৰি অহা ব্যক্তিৰ পৰিচয় সমাজত খুবেই কম ৷ তেনে এগৰাকী নীৰৱ সাধক হ'ল ডিব্ৰুগড় চাবুৱাৰ লক্ষেশ্বৰ দাস ৷ প্ৰাক্ ঐতিহাসিক যুগৰ পৰা প্ৰচলিত ধ্ৰুপদাংগ গায়নৰ লগত সংগত কৰা মৃদংগ হৈছে প্ৰধান শাস্ত্ৰীয় বাদ্য ৷ এই বাদ্য কান্ধত লৈ অনিৰুদ্ধদেৱৰ গীত মাতেৰে মায়ামৰা সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰি বিভিন্ন মাংগলিক কাম সম্পন্নৰ দায়িত্বভাৰ পালন কৰি গৈছে মায়ামৰা সাংস্কৃতিক সাধক তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী লক্ষেশ্বৰ দাসে ৷ মৃদংগৰ প্ৰশিক্ষক হিচাপে প্ৰতিষ্ঠা লাভ কৰি দীৰ্ঘদিন ধৰি গাঁৱে-ভূঁঞে এই বাদ্যৰ প্ৰশিক্ষণ দি আহিছে সাংস্কৃতিক সাধকগৰাকীয়ে ৷

1992চনৰ গণতন্ত্ৰ দিৱসত শিৱসাগৰত অনুষ্ঠিত গায়ন-বায়নত আৰু 1995 চনত মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেৱক সংঘই আয়োজন কৰা পানীতোলা বৰনামঘৰত মৃদং বাদ্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল লক্ষেশ্বৰ দাসে । তদুপৰি 2007 চনত 12 অক্টোবৰত দিল্লীৰ সংগীত নাটক অকাডেমিৰ পৃষ্ঠপোষকতাত পূৰ্বাংগ নৃত্য পৰ্বত অংশগ্ৰহণ কৰাৰ লগতে 2009 চনত ডঃ ভূপেন হাজৰিকাক 'অসম ৰত্ন' উপাধি প্ৰদান কৰোঁতে লতাশিল খেলপথাৰত বাদ্য প্ৰদৰ্শন কৰিছিল সাংস্কৃতিক সাধকগৰাকীয়ে ৷

চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত সাংস্কৃতিক সাধক লক্ষেশ্বৰ দাস

ইপিনে, মোলান, বিদ্যাপতি, নাচজ্যোতি(মানজ্যোতি) মৌ-মুৰি, পাঁজিকটা আদি মানেৰে অভিজ্ঞ ব্যক্তি লক্ষেশ্বৰ দাসৰ নেতৃত্বতেই চাবুৱা অঞ্চলত লুপ্তপ্ৰায় খোলৰ বৰধেমালি চৰ্চাৰ পৰিবেশ পুনৰ বিৰাজমান হ'ল ৷ এইগৰাকী প্ৰচাৰবিমুখ শিল্পী কিন্তু বৰ্তমানেও বঞ্চিত চৰকাৰী সা-সুবিধাৰ পৰা ৷ যাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে সাংস্কৃতিক সাধক লক্ষেশ্বৰ দাস ৷ চাবুৱাবাসীৰো আহ্বান চৰকাৰে এইগৰাকী শিল্পীক প্ৰদান কৰক উচিত মৰ্যাদা ৷

লগতে পঢ়কঃবিহাৰক বিনামুলীয়া প্ৰতিষেধক, বাকীবোৰ ৰাজ্য বাংলাদেশৰ নেকি ?

ABOUT THE AUTHOR

...view details