অসম

assam

ETV Bharat / state

নাহৰকটীয়াত সোণোৱাল কছাৰীসকলৰ লখিমী সভা - ডিব্ৰুগড়

নাহৰকটীয়াৰ চাচনী মঠাৱানী গাঁৱত মঙলবাৰৰ পৰা  তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সোণোৱাল কছাৰীসকলৰ লখিমী সভা । পৰম্পৰাগত ৰীতি-নীতি, আনন্দ-উলাহৰ মাজেৰে তিনিদিনীয়াকৈ উদযাপন কৃষিভিত্তিক এই উৎসৱ ৷

সোণোৱাল কছাৰীসকলৰ লখিমী সভা

By

Published : Mar 14, 2019, 5:37 AM IST

ডিব্ৰুগড়, 14 মাৰ্চ : সাতামপুৰুষীয়া কলাকৃষ্টিক সজীৱ কৰি ৰখাৰ প্ৰচেষ্টাৰে নাহৰকটীয়াৰ চাচনী মঠাৱানী গাঁৱত মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছেসোণোৱাল কছাৰীসকলৰলখিমী সভা ।

সোণোৱাল কছাৰীসকলৰ লখিমী সভা
পূজা-পাৰ্বন, শোভাযাত্ৰা উলিয়াই আনন্দ-উলাহৰ মাজেৰে সোণোৱাল কছাৰীসকলে পালন কৰে এইলখিমী সভা ৷ ভাল ফচল আশাৰে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে গাঁওখনত পালন কৰা হয় এই লখিমী সভা ৷ গায়ন-বায়নসহ দোলা লৈ শোভাযাত্ৰা উলিয়াইলখিমী গীত, দিহা নাম আৰু আইনামেৰে নৈত 63 গৰাকী দেৱতাক পিঠাগুৰি, তামোল-পাণৰ লগতে নৈবেদ্য আগবঢ়োৱা হয় ৷ তদুপৰিজাকৈ মাৰি পোৱা সামগ্ৰীসমূহ লখিমী হিচাপে লোৱাৰ উপৰিনৈৰ পৰা কলহত পানী তুলি সেই পানী নামঘৰলৈ আনি তিনি ৰাতি ৰখাৰ পাচত পানী আৰু জাকৈত অহা সামগ্ৰীবোৰ লখিমী হিচাপে সভাৰ অন্তত নিজ ঘৰে ঘৰে লৈ যোৱাৰ এক পৰম্পৰা চলি আহিছে গাঁওখনত ৷ ঠন ধৰি উঠা ধাননিডৰা পোক-পৰুৱাই অনিষ্ট কৰিব নোৱাৰাৰ লগতে সোনালী শস্যৰে কৃষকৰ ভঁৰাল উপচি পৰে তাৰেই কামনাৰে সোণোৱাল কছাৰীলোকসকলে পালন কৰি আহিছে এই লখিমী সভা ৷

ABOUT THE AUTHOR

...view details