অসম

assam

ETV Bharat / state

Chabua book fair: মায়ামৰা ধৰ্মীয় ৰীতিৰে ভকতক সেৱা কৰি চাবুৱা গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

মায়ামৰা ধৰ্মীয় ৰীতিয়ে ভকতক সেৱা কৰি চাবুৱা গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হ’ল (laikhuta of Chabua book fair has been established ) ৷ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব চাবুৱা গ্ৰন্থমেলা ৷ মূলত ''গ্ৰন্থ চিৰদিন চিৰকাল'' এই মুল মন্ত্ৰৰে চাবুৱাৰ সাহিত্যিক, শিল্পী, কবি, চিত্ৰকৰ, নাট্যকাৰ, গ্ৰন্থপ্ৰেমী আদি সমাজৰ সুচিন্তক, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ আহ্বানত একত্ৰিত হৈ চাবুৱাত পোন প্ৰথমবাৰৰ বাবে পুৰ্ণাংগ গ্ৰন্থমেলা আয়োজন কৰা হৈছে ।

laikhuta-of-chabua-book-fair-has-been-established
মায়ামৰা ধৰ্মীয় ৰীতিৰে ভকতক সেৱা কৰি চাবুৱা গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

By

Published : Feb 12, 2022, 12:47 PM IST

মৰাণ, 12 ফেব্ৰুৱাৰী : বিগত দুটা মাহৰ প্ৰস্তুতিৰে ১৮ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া চাবুৱা গ্ৰন্থমেলা ২০২২ ৰ শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয় (Chabua book fair event started with traditional rules) । গ্ৰন্থমেলাখনি অনুষ্ঠিত হ'বলগীয়া চাবুৱা পুৰণি পেট্ৰল ডিপুৰ সমীপৰ মুকলি ঠাইত চাবুৱাৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি পোনাকণ বৰুৱাই স্থাপন কৰে লাইখুঁটা । মায়ামৰা ধৰ্মীয় ৰীতিয়ে ভকতক সেৱা কৰি আয়োজক সকলে সভাপতি গৰাকীয়ে মুল মণ্ডপৰ লাইখুঁটা স্থাপন কৰা দেখা যায় ।

মায়ামৰা ধৰ্মীয় ৰীতিৰে ভকতক সেৱা কৰি চাবুৱা গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা গ্ৰন্থমেলা খনি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি সভাপতি গৰাকীয়ে জানিবলৈ দিয়াৰ লগতে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ লেখক-লেখিকাৰ ১০০ খনৰো অধিক গ্ৰন্থ উন্মোচন কৰিব বুলি কয় । এই লাইখুঁটা স্থাপন কৰাৰ সময়ত আয়োজক সমিতিৰ যুটীয়া সম্পাদক নিপুল কোঁৱৰ আৰু দেৱৰ্ষি চেতিয়া উপস্থিত থাকে ।

আলোচনী সম্পাদিকা মৌচুমী ফুকন বৰুৱাকে ধৰি আয়োজক সমিতিৰ বহু বিষয়ববীয়া উপস্থিত আছিল লাইখুঁটা স্থাপন কৰাৰ সময়ত। এই গ্ৰন্থমেলা খনিৰ প্ৰচাৰ আৰু প্ৰসাৰত বাবে বিধায়ক পোনাকণ বৰুৱাৰ প্ৰযোজনাৰে, সাংস্কৃতিক কৰ্মী মৃদুপৱন চেতিয়াৰ শীৰ্ষগীতৰ কথাৰে, অজয় ফুকনৰ সংগীত পৰিচালনাৰে আৰু দিব্যজ্যোতি লাহনৰ সহযোগত - জয়তু চাবুৱা গ্ৰন্থমেলা । শীৰ্ষক গীত এটি অতি শ্ৰীঘ্ৰেই ৰাইজৰ মাজলৈ আহিব ।
লগতে পঢ়ক :অসম জাতীয় পৰিষদক মাজুলী এৰি দিব কংগ্ৰেছ দলে

ABOUT THE AUTHOR

...view details