অসম

assam

By

Published : Jul 21, 2023, 3:33 PM IST

ETV Bharat / state

Protest against Constituency delimitation:লাহোৱাল সমষ্টি বিলুপ্তিকৰণক লৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদ

নিবাৰ্চন আয়োগে শুনানি গ্ৰহণ কৰা দিনটোতে লাহোৱাল সমষ্টি বিলুপ্তিককৰণক লৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷

lahowal public hold protest against Constituency delimitation_
ৰাইজৰ তীব্ৰ প্ৰতিবাদ

তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড়, 21 জুলাই : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ গুৱাহাটীত বাহৰ পাতি নিবাৰ্চন আয়োগে ১৯ তাৰিখৰ পৰা গ্ৰহণ কৰিছে শুনানি । শুকুৰবাৰৰ দিনটোত গুৱাহাটীৰ কলাক্ষেত্ৰত নিৰ্বাচন আয়োগে শুনানি গ্ৰহণ কৰিছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ । নিবাৰ্চন আয়োগে শুনানি গ্ৰহণ কৰা দিনটোতে ডিব্ৰুগড়ৰ লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে লাহোৱালৰ ৰাইজে ৷

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই শুকুৰবাৰে লাহোৱালৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, ইতিমধ্যে ১১৭ নং লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত ভাৰতীয় নিৰ্বাচন আয়োগলৈ বিভিন্ন দল-সংগঠনে স্মাৰকপত্ৰ প্ৰদান কৰিছে । কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷

১৯৫৭ চনতে গঠিত হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মুকলিকৈ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে লাহোৱালৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে । সমষ্টিটো বিলুপ্তিকৰণৰ পাচতেই লাহোৱালত বন্ধ ঘোষণা কাৰ্যসূচী ৰূপায়ণ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিছে লাহোৱালৰ ৰাইজে । লাহোৱালৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাচত গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰি বৃহৎ পৰিমাণৰ গণ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে । লাহোৱালৰ ৰাইজৰ এই প্ৰতিবাদ আৰু প্ৰচেষ্টাৰ পাচত চৰকাৰ তথা নিবাৰ্চন আয়োগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া সময়েহে ক’ব ।

লগতে পঢ়ক :Constituency Delimitation:মৰাণ সমষ্টিৰ নাম খোৱাং কৰাৰ প্ৰস্তাৱক আদৰণি জ্যেষ্ঠ নাগৰিকৰ

ABOUT THE AUTHOR

...view details