মৰাণ, ১ জানুৱাৰী : নতুন বছৰক আদৰাত ব্যস্ত ৰাজ্যবাসী । ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত কোনোৱে যদি বনভোজলৈ গৈছে, কোনোৱে আকৌ উপাসনাস্থলীলৈ গৈ সকলোৰে সুখ-শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে । ইয়াৰ মাজতে নৱবৰ্ষৰ আৰম্ভণিতে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ পৰা আহিছে এক ইতিবাচক খবৰ । নতুন বছৰক আদৰণি জনোৱাত সকলো ব্যস্ত হৈ থকাৰ মাজতে ডিব্ৰুগড়ৰ লাহোৱাল প্ৰেছ ক্লাবে লৈছে এক উল্লেখনীয় পদক্ষেপ ।
নিতৌ সমাজৰ বাবে কাম কৰি থকা সাংবাদিকসকলে নৱৰ্বষৰ প্ৰথম দিনটোত দুৰ্গতজনৰ কাষত থিয় দিছে । ডিব্ৰুগড়ৰ লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সমাজসেৱক অজয় গগৈৰ আতিথ্যত ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে 'মানুহে মানুহৰ বাবে' একাঁজলি সহায়ৰ হাত শীৰ্ষক এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে । এই কাৰ্যসূচীৰ অংশস্বৰূপে লাহোৱাল সমষ্টিৰ বিভিন্ন প্ৰান্তৰ শতাধিক দৰিদ্ৰ পৰিয়ালৰ ওচৰলৈ গৈ সাংবাদিক আৰু সমাজসেৱকগৰাকীয়ে সহায়ৰ হাত আগবঢ়াইছে । প্ৰতিটো আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক নূন্যতম ৫ হাজাৰ টকাৰ বিভিন্ন সামগ্ৰী বিতৰণ কৰিছে সাংবাদিকসকলে ।