ডিব্ৰুগড়, 17 জুন: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজ্বলিছে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ এগৰাকী কন্যা ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উজলি উঠিবলৈ সক্ষম হৈছে লাহোৱালৰ পূৰ্বশ্ৰী চেতিয়া ৷ সৰ্বভাৰতীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগিতাত লাহোৱালৰ পূৰ্বশ্ৰী চেতিয়াই অভিলেখ গঢ়িবলৈ সক্ষম হ'ল ৷ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পযাৰ্য়ৰ শক্তি উত্তোলন (power lifting) প্ৰতিযোগিতাত লাহোৱালৰ পূৰ্বশ্ৰী চেতিয়াই ব্ৰঞ্জ আৰু ৰূপৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
উল্লেখযোগ্য যে, ঝাৰখণ্ডত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চাব জুনিয়ৰ আৰু জুনিয়ৰ পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ লগতে ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে পূৰ্বশ্ৰী চেতিয়াই ৷ লাহোৱালৰ পিৰাফলা পাত্ৰ গাঁৱৰ ৰাজীৱ চেতিয়া আৰু ৰিজুমণি চেতিয়াৰ কন্যা পূৰ্বশ্ৰীয়ে 43 কেজি শাখাত 65 কেজিৰ শক্তি উত্তোলন কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে পূৰ্বশ্ৰীয়ে এই প্ৰতিযোগিতাত 65 কেঃজি উত্তোলন কৰি আগন্তুক ৰোমানিয়াত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈও নিৰ্বাচিত হৈছে ৷ কেভি এচ চাবুৱা উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী পূৰ্বশ্ৰী চেতিয়াই নিজৰ অধ্যয়নৰ সমানে সমানে শক্তি উত্তোলন দৰে ক্ৰীড়াতো মনোনিৱশ কৰি গৈছে ৷