ডিব্ৰুগড়,23 মাৰ্চঃ ৰাজ্যত এতিয়া নিৰ্বাচন বতৰ ৷ ক’ৰবাত যদি ৰাজনৈতিক দলত যোগদান, ক’ৰবাত আকৌ প্ৰাৰ্থীয়ে এৰি দিয়া নাই নিশাৰ সময়কণো। এতিয়া এইদৰেই তুংগত উঠিছে নিৰ্বাচন প্ৰচাৰ অভিযান ৷ ডিব্ৰুগড় জিলাতো দেখা গৈছে একেই ছবি, লাহোৱাল সমষ্টিত যদি পুৱাই কংগ্ৰেছত যোগদান কাৰ্যসূচী আনফালে ডিব্ৰুগড়ত নিশা বিজেপিৰ প্ৰশান্ত ফুকনৰ ৱাৰ্ডত সমৰ্থকক লগত লৈ সৰু সৰু নিৰ্বাচনী সভা ।
লাহোৱাল, ডিব্ৰুগড় সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ - দুৰ্গ শক্তিশালী
মঙলবাৰে পুৱাই লাহোৱালৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ গৃহত বিজেপি কৰ্মীকে ধৰি শতাধিক লোকে কংগ্ৰেছত যোগদান কৰা দেখা গৈছে ৷ আনফালে সোমবাৰে নিশা আকৌ দেখা গ'ল ডিব্ৰুগড় চহৰৰ সুভাষ পল্লীত নিৰ্বাচনী প্ৰচাৰ সভা কংগ্ৰেছৰ । প্ৰচাৰত ব্যাপক তৎপৰ হৈ সমষ্টিৰ চুকে কোণে ভোটাৰৰ মন জয়ৰ চেষ্টা অব্যাহত ৰখাৰ লগতে ধানোৱাৰৰ দুৰ্গ শক্তিশালী হৈছে দৈনিক ব্যাপক হাৰত বিজেপিৰ নেতা কৰ্মীৰ যোগদানেৰে ।
মঙলবাৰে পুৱাই লাহোৱালৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ গৃহত বিজেপি কৰ্মীকে ধৰি শতাধিক লোকে কংগ্ৰেছত যোগদান কৰা দেখা গৈছে ৷ আনফালে সোমবাৰে নিশা আকৌ দেখা গ'ল ডিব্ৰুগড় চহৰৰ সুভাষ পল্লীত নিৰ্বাচনী প্ৰচাৰ সভা কংগ্ৰেছৰ। প্ৰচাৰত ব্যাপক তৎপৰ হৈ সমষ্টিৰ চুকে কোণে ভোটাৰৰ মন জয়ৰ চেষ্টা অব্যাহত ৰখাৰ লগতে ধানোৱাৰৰ দুৰ্গ শক্তিশালী হৈছে দৈনিক ব্যাপক হাৰত বিজেপিৰ নেতা কৰ্মীৰ যোগদানেৰে ।
ধানোৱাৰৰ লগতে প্ৰতিশ্ৰুতি জয়ী হ'লে সমষ্টিলৈ উদ্যোগ আনি স্থানীয় নিবনুৱাক সংস্থাপনৰ ব্যৱস্থাৰে কৰিব সমষ্টিবাসীক স্বাৱলম্বী । একে ধৰণে বিশেষ ভাষিক জনসাধাৰণৰ মাজত সভা আহ্বান কৰি নিজ ভেটি সুৰক্ষিত কৰাৰ কৌশলত নামি পৰিছে ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনে ।
লগতে পঢ়কঃ পাটাছাৰকুছিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী