ডিব্ৰুগড়,২৩ মাৰ্চ:ডিব্ৰুগড়ৰ BCPLৰ প্ৰশাসনিক ভৱনৰ মূল প্ৰৱেশদ্বাৰত ঠিকাভিত্তিক শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ (Labour union protest against BCPL)। ৮ ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে শ্ৰমিকসকলে BCPL ৰ কাম-কাজ অচল কৰি তোলে ।
বিশেষকৈ দীৰ্ঘদিন ধৰি শ্ৰমিক সকলৰ মাহিলী পাৰিতোষিক বৃদ্ধি কৰা, খোৱাপানীৰ ব্যৱস্থাৰ লগতে বিনা কাৰণত শ্ৰমিক সকলক কৰ্মস্থলীৰ পৰা বহিস্কাৰ কৰা আদি মূল দাবীৰ প্ৰতি BCPL কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত ঠিকাভিত্তিক শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে কাৰ্যসূচীৰ জৰিয়তে BCPLৰ উৰ্দ্ধতন কৰ্তৃপক্ষই BCPL ৰ ঠিকাভিত্তিক শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক ইন্দ্ৰকান্ত গগৈ আৰু সহকাৰী সম্পাদক সোনেশ্বৰ দুৱৰাক কৰ্মস্থলীৰ পৰা বিনা কাৰণত অব্যাহতি দিয়া কাৰ্য্যক ইউনিয়নে তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ।