মৰাণ, 14 ডিচেম্বৰ :এতিয়াও শান্ত হোৱা নাই নাগালেণ্ডৰ ম’ন জিলাৰ পৰিস্থিতি ৷ অশান্ত নাগালেণ্ডক লৈ বিভিন্ন সময়ত বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে (Protest against Nagaland Army Ambush incident) ৷ এইবাৰ নাগালেণ্ডৰ সেনাক নিষেধাজ্ঞা জাৰি কৰিছে নাগালেণ্ডৰ অন্যতম বৃহৎ শক্তিশালী সংগঠন কন্যাক ইউনিয়নে (Konyak Union of Nagaland) ৷
নাগালেণ্ডৰ অ'টিং বস্তিত সেনাৰ গুলীত নিহত হোৱা ১৪ জন লোকে ন্যায় নোপোৱা পৰ্যন্ত সমগ্ৰ ম'ন জিলাত সেনাৰ কনভয় আৰু টহল (পেট্ৰ’লিং) ত নিষেধাজ্ঞা প্ৰদান কৰিছে কন্যাক ইউনিয়নে । আনকি ম'ন জিলাত সেনাৰ নিযুক্তি বন্ধ কৰাৰো দাবী কৰিছে এই সংগঠনটোৱে ৷ আনকি 'কন্যাক' জনগোষ্ঠীৰ কোনো যুৱকে সেনাৰ এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে বুলিও এক প্ৰেছ বিজ্ঞপ্তিযোগে সদৰী কৰিছে সংগঠনটোৱে ।