টিংখাং, 20 আগষ্ট: ডিব্ৰুগড়ৰটিংখাঙত বৃহস্পতিবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ সদস্যসকলে । সংগঠনটোৱে মূলতঃ নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ লগতে কাৰাবন্দী কৃষক নেতা অখিল গগৈ, শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰৰ মুক্তিৰ দাবীত টিংখাঙৰ ৰাজগড়ত সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ ৷
প্ৰতিবাদী কণ্ঠৰে সৰৱ হৈ পৰিল টিংখাঙৰ ৰাজপথ - ছাত্র মুক্তি সংগ্ৰাম সমিতি
প্ৰতিবাদকাৰীৰ দাবীৰে বৃহস্পতিবাৰৰ দিনটোত উত্তাল হৈ উঠে টিংখাঙৰ ৰাজপথ ৷ নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ লগতে কাৰাবন্দী কৃষক নেতা অখিল গগৈ, শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰৰ মুক্তিৰ দাবীত টিংখাঙৰ ৰাজগড়ত এই প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপৰিও ছাত্র মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদকাৰীসকলে মানৱ শৃংখল গঢ়ি তুলি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলৰ উত্থাপিত দাবী মানি নল’লে পৰৱৰ্তী সময়ত অধিক ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰো প্ৰদান কৰে চৰকাৰক ৷
লগতে চাওকঃকৰ’ণাৰ বাবে বাতিল জামুগুৰিহাটৰ ২২৫ বছৰীয়া কালীয় দমন ভাওনা