অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৃষক নেতা - কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক শশী শেনছোৱা

পুনৰ গ্ৰেপ্তাৰ অন্য এজন কৃষক নেতা ৷ দেওবাৰে ডিব্ৰুগড় টিংখাঙৰ পৰা গ্ৰেপ্তাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক শশী শেনছোৱা ৷

kmss leader arrested
কৃষকনেতা গ্ৰেপ্তাৰ

By

Published : Jan 20, 2020, 1:33 PM IST

ডিব্ৰুগড়, 20 জানুৱাৰীঃ দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক শশী শেনছোৱাক ৷ মাজনিশা টিংখাং নাচনীৰ নিজা বাসগৃহৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীক ৷

প্ৰতিবাদ কৰি থকা অৱস্থাত শশী শেনছোৱা

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে আন্দোলনমুখী পন্থা লোৱা বাবেই নেতাগৰাকীক এনেদৰে গ্ৰেপ্তাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

শশী শেনছোৱাৰ ফেচবুক প'ষ্ট

উল্লেখ্য যে,গ্ৰেপ্তাৰৰ পূৰ্বে সংগ্ৰামী নেতাগৰাকীয়ে নিজৰ ফেচবুক একাউন্ট যোগে এটা প'ষ্ট প্ৰকাশ কৰে ৷ য'ত তেওঁ লিখিছিল যে, পুৱতি নিশা 4.30 বজাৰ পৰা তেওঁৰ ঘৰত পুলিচে ঘেৰাও কৰিছে লগতে খন্তেক পিছতে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰিব বুলিও প্ৰকাশ কৰে চ'ছিয়েল মিডিয়া যোগে ৷

অখিল গগৈৰ সৈতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক শশী শেনছোৱা

লগতে পঢ়কঃহোজাই শংকৰদেৱ নগৰত CAA বিৰোধী সমাবেশ

ABOUT THE AUTHOR

...view details