ডিব্ৰুগড়, ৩০ জুন: ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন পাৰ কৰিছে ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙসহ ১০ খালিস্তানী কাৰাবন্দীয়ে । দুটা মাহে ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙসহ আন কাৰাবন্দীক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি সকলো সুবিধা প্ৰদান কৰিছে ডিব্ৰুগড় কাৰাগাৰত কৰ্তৃপক্ষই ।
খালিস্তানী কাৰাবন্দীসকলক পৰিয়ালৰ সদস্যসকলে সাক্ষাৎ কৰিবলৈ অনুমতি দি আহিছে ডিব্ৰুগড় কাৰাগাৰৰ কৰ্তৃপক্ষই । এটা দিনৰ পূৰ্বে ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ পত্নীয়ে কাৰাগাৰত বহু সময় ধৰি সাক্ষাৎ কৰে অমৃতপাল সিঙক । ইয়াৰ পাচতেই ৰাষ্ট্ৰীয় বহুকেইটা সংবাদ মাধ্যমত কাৰাগাৰৰ ভিতৰতে অমৃতপাল সিঙে ফোন ব্যৱহাৰ আৰু খাদ্য সমস্যা পোৱাৰ দাবী কৰি অনশন কৰা বুলি বাতৰি পৰিৱেশন কৰিছিল ।
ইয়াৰ পাচতে এই সমগ্ৰ ঘটনাক নস্যাৎ কৰিছে ডিব্ৰুগড় কাৰাগাৰৰ কৰ্তৃপক্ষ আৰু জিলা উপায়ুক্ত বিশ্বজিৎ পেগুয়ে । উপায়ুক্ত বিশ্বজিত পেগুয়ে Etv Bharatৰ ডিব্ৰুগড়ৰ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি কাৰাগাৰৰ ভিতৰত তেনেকুৱা কোনো ঘটনা সংঘটিত হোৱা নাই । অমৃতপাল সিঙৰ পত্নীয়ে এইয়া অপপ্ৰচাৰ কৰা বুলি অভিযোগ উপায়ুক্তগৰাকীৰ ।