অসম

assam

ETV Bharat / state

3.5 লাখ টকাত চাহ শ্ৰমিকে বেছিলে নিজৰেই কিডনী

৩.৫ লাখত বিক্ৰী হৈছে কিডনী (KIDNEY) ৷ দুষ্টচক্ৰই মানৱ অংগ বিক্ৰীৰ বাবে ৰাজ্যত পেলাইছে জাল ৷ ডিব্ৰুগড় লাহোৱালত ঘোঁৰামৰাৰ শ্ৰমিকে টকাৰ অভাৱত বিক্ৰী কৰিলে কিডনী (Kidney sold) ৷

By

Published : Jul 14, 2021, 10:09 PM IST

Kidney sold at Dibrugarh
মৰিগাঁও,নগাঁওৰ পাচত এইবাৰ ডিব্ৰুগড়ত ওলাইছে কিডনী বিক্ৰী কৰা লোক

মৰাণ, 14 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুষ্টচক্ৰই (HUMAN ORGAN) মানৱ অংগ বিক্ৰীৰ জাল পেলাইছে । কোনোবাই যদি প্ৰত্যাখান কৰিছে আকৌ কোনো পৰিছে দুষ্টচক্ৰৰ জালত । মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল সমূহৰ লগতে দৰিদ্ৰ পৰিয়ালৰ এই ক'ভিড সৃষ্ট পৰিৱেশৰ সময়ত দুখে কুলাই-পাচিয়ে নধৰা হৈছে । এই সময়ত এই পৰিয়াল সমূহে এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিব লগীয়াত পৰিছে তাতে আকৌ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম ।

নিয়াৰিকৈ চলাব পৰা নাই নিজৰ পৰিয়াল। এসাঁজ খালে এসাঁজ খাবলৈ চিন্তা। এই সময়তে এচাম দালাল দুষ্ট চক্ৰই সুবিধা বুজি দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি চলাইছে মানৱ অংগৰ বেহা ৷ দিন হাজিৰা কৰি খোৱা কিছুমান সহজ সৰল লোকক বহিঃ ৰাজ্যলৈ নি কিডনী বিক্ৰী কৰাই সিংহ ভাগ টকা লগত ৰাখি এক অংশহে টকা বিক্ৰেতা জনৰ হাতত দিয়ে বুলি জানিব পৰা গৈছে ।

মৰিগাঁও,নগাঁওৰ পাচত এইবাৰ ডিব্ৰুগড়ত ওলাইছে কিডনী বিক্ৰী কৰা লোক

মৰিগাঁও, নগাঁৱৰ পাচত এইবাৰ ডিব্ৰুগড়ত (DIBRUGARH) পোহৰলৈ আহিছে তেনে এক ঘটনা । ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত ঘোঁৰামৰা চেংঙেলিজান চাহ বাগিচাত ঘটিছে এই ভয়ংকৰ ঘটনা । ৰামু কৰ্মকাৰ নামৰ এজন ব্যক্তিয়ে কলিকতাত গৈ তিনি লাখ পঞ্চাশ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিলে নিজৰ কিডনী । জানিব পৰা মতে, উক্ত অঞ্চলৰ এগৰাকী মহিলাৰ লগতে দুজন পুৰুষেও বিক্ৰী কৰিছে কিডনী । আজিলৈকে ঘৰলৈ ঘুৰি অহা নাই মহিলা গৰাকী ।

সম্প্ৰতি এই বিষয়ে আটছাই ডিব্ৰুগড়ৰ জিলা উপযুক্ত আৰু আৰক্ষী অধীক্ষকক বিষয়টো উচিত তদন্ত কৰি অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল'বৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ Encounter সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ তদন্ত বিচাৰিলে আনন্দ মিশ্ৰই

ABOUT THE AUTHOR

...view details