মৰাণ, 13 ফেব্ৰুৱাৰী :১৩ দিনীয়া এক গভীৰ উৎকন্ঠা আৰু আতংকৰ অন্তত দেওবাৰে সন্ধিয়া নিজ গৃহভূমি টিংখাঙত উপস্থিত হয় অপহৃত হীৰেণ কোঁচ । উল্লেখযোগ্য যে, যোৱা ৩১ জানুৱাৰীত অৰুণাচলৰ লংডিঙৰ পৰা NSCN (K) উগ্ৰপন্থীয়ে এটা পথ নিৰ্মাণৰত কোম্পানীৰ JCB ড্ৰাইভাৰ হিচাপে কৰ্মৰত টিংখাঙৰ কেচেৰুগুৰীৰ হীৰেণ কোঁচক অপহৰণ কৰিছিল (NSCN K kidnapped Hiren Koch of Tingkhang)।
তাৰ পাছৰে পৰা হীৰেণ কোঁচৰ পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । অৱশেষত শনিবাৰে নিশা ভাৰত-ম্যানমাৰ সীমান্তৰ বৰ্মা অঞ্চলত NSCN য়ে হীৰেণ কোঁচৰ লগতে আন এজন অপহৃত বিহাৰৰ ৰামাছিচ মাহাতোক মুকলি কৰি দিয়ে (Hiren Koch released by NSCN) । নামৰূপৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বড়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অসম-অৰুণাচল সীমান্তৰ পৰা হীৰেণ কোঁচ আৰু ৰামাছিচ মাহাতোক লৈ টিংখাং আৰক্ষী থানাত উপস্থিত হয় ।