অসম

assam

'কা' বাতিলৰ দাবীৰে খোৱাঙত আছুৰ জোঁৰ সমদল

By

Published : Dec 25, 2020, 11:07 AM IST

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনাই খোৱাঙত আছুৰ প্ৰতিবাদ ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত 'কা' বাতিলৰ দাবীৰে খোৱাঙ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী জোঁৰ সমদল ৷ কোনো কাৰণতে 'কা' আইন মানি নোলোৱাৰ হুংকাৰ ৷

khowang students union took out jor samadal to protest against caa
'কা' বাতিলৰ দাবীৰে খোৱাঙত আছুৰ জোঁৰ সমদল

মৰাণ, 25 ডিচেম্বৰ :ৰাজ্যত অব্যাহত আছে 'কা' (নাগৰিকত্ব সংশোধনী আইন) বিৰোধী প্ৰতিবাদ ৷ বৃহস্পতিবাৰে খোৱাঙত কা বাতিলৰ দাবীৰে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে ৷ খোৱাঙ ঘাটৰ পৰা খোৱাঙৰ অট' আস্থানলৈ উলিওৱা এই জোঁৰ সমদলত 'কা' বিৰোধী শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে ৰাজপথ উত্তাল কৰি তোলে ৷

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰা এই প্ৰতিবাদত প্ৰতিবাদকাৰী সকলে 'কা' আমি নামানো, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, 'কা' শীঘ্ৰে বাতিল কৰক আদি শ্ল'গানেৰে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ দিয়ে ৷

কোনো কাৰণতে 'কা' আইন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ

খোৱাং আছুৰ লগতে খোৱাং অঞ্চলৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰা এই জোঁৰ সমদলত প্ৰতিবাদী ছাত্ৰ নেতা সকলে 'কা' বাতিলৰ দাবী উত্থাপন কৰাৰ লগতে বিজেপি চৰকাৰকো ক্ষুৰধাৰ সমালোচনা কৰে ৷

উল্লেখ্য যে, বিগত বৰ্ষত ৰাজ্যজুৰি 'কা' বাতিলৰ দাবীৰে হোৱা প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছতে ৰাজ্যৰ বহুলোকেই ৰাষ্ট্ৰীয় দলটোক বেয়া পাবলৈ আৰম্ভ কৰিছিল ৷ এতিয়া এটা বছৰৰ পাছত পুনৰ ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত এই আন্দোলনে আগন্তুক 2021 ৰ বিধানসভা নিৰ্বাচনত কেনেধৰণে প্ৰভাৱ পেলাই সেইয়া লক্ষণীয় হ'ব ৷
লগতে পঢ়ক:কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ অইলৰ গাড়ী অৱৰোধ

ABOUT THE AUTHOR

...view details