মৰাণ, ১৩ ছেপ্টেম্বৰ:এগৰাকী নাবালিকাক ধৰ্ষণ কৰি পলাতক অৱস্থাত থকা এটা লম্পটক শিৱসাগৰৰ পৰা আটক কৰে খোৱাং আৰক্ষীয়ে(Rapist arrest in Sivasagar)। ডিব্ৰুগড় জিলাৰ খোৱাং খলিহামাৰী গাঁৱৰ এগৰাকী ১০ বছৰীয়া নাবালিকাক একেখন গাঁৱৰে লক্ষী কছাৰী ওৰফে বাতুল নামৰ ৩০ বছৰীয়া বিবাহিত লম্পট এটাই ধৰ্ষণ কৰাৰ অভিযোগত কন্যাগৰাকীৰ পিতৃয়ে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল(Man arrested for raping minor girl) ।
আনহাতে এই ধৰ্ষণকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল লম্পটটোৱে । পলাতক অৱস্থাত থকা লক্ষী কছাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত খলিহামাৰী গাঁৱৰ অৰ্ধ শতাধিক মহিলাই খোৱাং আৰক্ষী থানাত সোমবাৰে অৱস্থান কৰি খোৱাং আৰক্ষী থানাৰ(Khowang Police Station) বিষয়াৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকলৈ(Dibrugarh SP) এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল ।