মৰাণ,16 জুলাইঃ ৰাজ্যৰ ভিন্ন ঠাইত এতিয়া প্ৰলয়ংকাৰী বানৰ ত্ৰাস ৷ বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ যাৰ ফলত ওফন্দি উঠিছে নৈ-উপনৈৰ বাঢ়নী পানী ৷ বুঢ়ীদিহিং নৈৰ বানৰ কবলত এতিয়া ডিব্ৰুগড় জিলাৰ খোৱাঙৰ কেইবাখনো গাঁও। বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে প্লাৱিত কৰি পেলাইছে জিলাখনৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ খোৱাং অঞ্চলৰ মইনা গাঁও,দলনীকুৰ,গেৰগেৰি,জোনগাঁও,কোটোহা ভঙামুৰ আদি বিভিন্ন ঠাই ৷
ৰাইজৰ অভিযোগ,দুবছৰ আগতে খোৱাঙৰ মইনা গাঁও আৰু দলনীকুৰ সংযোগী ৰিংবান্ধটো বুঢ়ীদিহিং নদীৰ প্ৰবল সোঁতে ভাঙি পেলাইছিল । ইয়াৰ পিছৰ পৰ্যায়ত উক্ত ভগ্ন ৰিং বান্ধটো মেৰামতিৰ বাবে জিলা পৰিষদৰ তৰফৰ পৰা এক বুজন পৰিমাণৰ পুঁজিও আৱণ্টন কৰা হৈছিল । কিন্তু উক্ত ধনৰাশি সঠিক ভাৱে ব্যৱহাৰ নোহোৱাত ৰিং বান্ধটো পুনৰ বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে বিগত বছৰত ভাঙি পেলায় । যাৰ ফলত বুঢ়ীদিহিঙৰ পানী ওফন্দি উঠাৰ লগে লগে ৰিং বান্ধৰ ভগ্ন অংশয়েদি পানী সোমাই গাঁও কেইখন প্লাৱিত কৰি তোলে । ভগ্ন ৰিং বান্ধটো মেৰামতি নকৰাৰ ফলত হালধিবাৰী আৰু নিতাইপুখুৰী সংযোগী মথাউৰিৰ প্ৰতিও এক প্ৰকাৰৰ ভাবুকি আহিছে ।