অসম

assam

মৰাণত COVID-19ত আক্ৰান্ত 7 মহীয়া শিশু

By

Published : Jul 13, 2020, 12:32 AM IST

মৰাণৰ পথালিবামত এটি ৭ মহীয়া শিশুৰ দেহত ক'ভিড-19 ধৰা পৰিছে । মৰাণৰ সমীপৰ খোৱাং নাহৰণিত ভ্ৰমণ বৃত্তান্ত নথকা এজন লোকৰ দেহতো ধৰা পৰিছে কৰ’ণা ভাইৰাছ ।

COVID-19: মৰাণত 7 মহীয়া শিশু আক্ৰান্ত
COVID-19: মৰাণত 7 মহীয়া শিশু আক্ৰান্ত

ডিব্ৰুগড়, 12 জুলাই : অসমৰ বিভিন্ন জিলাৰ সমান্তৰালভাৱে ডিব্ৰুগড়তো কৰ'ণাই ভয়ানক ৰূপ ধাৰণ কৰিছে । দেওবাৰে মৰাণৰ পথালিবামত এটি ৭ মহীয়া শিশুৰ দেহত ক'ভিড -19 অৱস্থিতি ধৰা পৰিছে । চিকিৎসকে জানিবলৈ দিয়া মতে কৰ্ণাটকৰ পৰা পৰিয়ালৰ সৈতে ৭ মহীয়া শিশুটি আহি কোৱাৰেণ্টাইনত আছিল । দেওবাৰে পৰীক্ষাগাৰৰ পৰা অহা ফলাফলত ৭ মহীয়া শিশুটিৰ দেহত ক'ভিড-১৯ৰ উপস্থিতি ধৰা পৰে । শিশুটিক ইতিমধ্যে চিকিৎসকে চিকিৎসাৰ বাবে ক'ভিড হাস্পতাললৈ প্ৰেৰণ কৰিছে ।

আনহাতে মৰাণৰ সমীপৰ খোৱাং নাহৰণিত ভ্ৰমণ বৃত্তান্ত নথকা এজন লোকৰ দেহতো কৰ’ণা ভাইৰাছ ধৰা পৰিছে । নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সোণেশ্বৰ কছাৰীয়ে দুদিনমানৰ পূৰ্বে বিশেষ ৰোগত আক্ৰান্ত হৈ অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসা কৰোৱাইছিল । তাতে তেওঁৰ স্বাৱ পৰীক্ষা কৰোৱা হৈছিল । দেওবাৰে অহা স্বাৱ ফলাফলত লোক জনৰ দেহত ক'ভিড পজিটিভ পোৱা যায় ।

ডিব্ৰুগড়তো কৰ'ণাৰ ভয়ানক ৰূপ

ইফালে মেডিকেলত চিকিৎসা কৰা এই লোকজনে স্বাৱ ফলাফল অহাৰ পূৰ্বেই তেওঁ চেলাইন ল'বৰ বাবে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি হৈছিল । তেওঁ ক'ভিড পজিটিভ বুলি চিনাক্ত হোৱাত খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন বন্ধ কৰি সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হয় । ইতিমধ্যে লোকজনক চিকিৎসাৰ বাবে অসম মেডিকেল কলেজ হস্পাতাললৈ প্ৰেৰণ কৰাৰ লগতে লোকজনৰ ঘৰখন প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ।

আনহাতে খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেন্টাৰত থকা এজন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । মৰাণ মিৰিহোলাৰ এই লোকজনৰ নাম চন্দন টামাং । তেওঁকো ইতিমধ্যে চিকিৎসাৰ বাবে ক'ভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়কঃ বিশ্বৰ ভিন্ন প্ৰান্তত কৰ'ণা মহামাৰীৰ শেহতীয়া খবৰ

ABOUT THE AUTHOR

...view details