ডিব্ৰুগড়, 4 মাৰ্চ : খোৱাঙৰ ঐতিহাসিক হালধিবাৰী নগৰ থানত আজিৰে পৰা অনুষ্ঠিত হৈছে বছৰেকীয়া ৰাজহুৱা সবাহ (Khowang historic Haladhibari Nagar Than) ৷ নাম-প্ৰসংগ, হাজাৰ হাজাৰ চাকি-বন্তি আৰু শ শ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে আধ্যাত্মিকতাৰ এক সুন্দৰ ছবি দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ খোৱাং হালধিবাৰী নগৰ থানত ।
থান খনৰ বছৰেকীয়া ৰাজহুৱা সবাহ ভাগি আজি অৰ্থাৎ 4 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে । ১৯৬২ চনৰে পৰা প্ৰতি বছৰে ফাগুন-চ'ত মাহত এই ৰাজহুৱা সবাহ ভাগি দিবা-নৈশ কাৰ্যসূচীৰে আয়োজন কৰা হয় (Haladhibari Nagar Than) । প্ৰায় অৰ্ধ শতাধিক গাঁও একত্ৰিত হৈ আয়োজন কৰা এই অনুষ্ঠান ভাগিত দূৰ-দূৰণিৰ বহু ভক্তপ্ৰাণ লোকৰ সমাগম হয় ৷
পুৱা ধৰ্মধ্বজ্জা উত্তোলনেৰে বছৰেকীয়া ৰাজহুৱা সবাহৰ কাৰ্যসূচী আৰম্ভ কৰা হয় (Bosorekia Sobah of Haladhibari Nagar Than) । শাৰী শাৰী চাকি-বন্তি আৰু শ শ ভক্তপ্ৰাণ লোকৰ উপস্থিতিয়ে সমগ্ৰ অঞ্চলটো জীপাল কৰি তুলিছে । দিবা-নৈশ কাৰ্যসূচীত নিশালৈ টোকাৰী গীত, দিহা নামকে আদি কৰি কেইবাটাও কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাজহুৱা সভা ।