ডিব্ৰুগড়, 2 এপ্ৰিল :‘‘দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম ৷’’আকৌ আহি পালে চেনেহৰ ৰঙালী বিহুটি (Rangali Bihu 2023) ৷ গছ-বিৰিখেও সলাইছে বৰণ ৷ গছৰ ডালে ডালে পোখা মেলিছে ন-কুঁহিপাতে ৷ চৌপাশে কুলি-কেতেকীৰ মাতত এতিয়া দেহ-মন ৰাইজাই কৰাৰ বতৰ ৷ প্ৰকৃতিৰ প্ৰতিটো উপাদানে দিছে কেৱল ব’হাগৰ আগমনৰ বতৰা ৷ এয়াই ব’হাগ বসন্তৰ সৌন্দৰ্য ৷
ক’ৰবাত যদি শুনা গৈছে ঢোল-পেঁপাৰ মাত ৷ আন ক’ৰবাত আকৌ শুনা গৈছে তাঁলশালত বহি শিপিনীয়ে আওৰুৱা পুৰণি বিহুৰ কলি ৷ মুঠৰ ওপৰত ৰঙৰ ৰঙালী বিহুটিক আদৰিবলৈ দেহত তৰণি নাই প্ৰতিগৰাকী অসমীয়াৰ মন ৷ ব’হাগ বুলিলেই আমাৰ মনত পৰে চোতালৰ তগৰ জোপালৈ, গছৰ ধোন্দত ফুলি থকা কপৌপাহিলৈ, বাৰীৰ ঢাপত সুগন্ধি বিয়পোৱা নাহৰ জোপালৈ অথবা গোপনে ফুলি চৌপাশ আমোলমোলোৱা কেতেকী জোপালৈ ৷
ডিব্ৰুগড় জিলাৰ 1 নং হালধিবাৰী কোঁৱৰ গাঁৱতো সৌৰভ বিলাইছে কেতেকী ফুলে (Ketaki flower blooming at Khowang)। বিহুৰ প্ৰাকক্ষণত চৌপাশ আমোলমোলাই, মন মতলীয়া কৰি ফুলিছে কেতেকী ফুল । কেতেকী নামটোৱেই যেন এক কোমল অনুভৱ ৷ সৰুতে আইতাৰ সাধুকথাটো স্থান পাইছিল কেতেকী ফুলৰ কথাই ৷ কেতেকী চৰায়ে মাতিলেহে বোলে কেতেকী ফুল ফুলে ৷ তাৰ পাচতে চাৰিওফালে বিয়পাই দিয়ে কেতেকীৰ বুকুৰ সাঁচতীয়া সুবাস ৷
লগতে পঢ়ক :Dhol traders busy making Dhol: কলিয়াবৰৰ বিশ্ব বাদ্যকাৰৰ ওচৰত ঢুলীয়াৰ ভিৰ