অসম

assam

ETV Bharat / state

Kati Bihu preparation in Moran: মৰাণৰ গ্ৰামাঞ্চলত চলিছে কাতি বিহুৰ প্ৰস্তুতি - Assam traditional festival

ৰাজ্যৰ চৌদিশে চলিছে কাতি বিহুৰ প্ৰস্তুতি (Kati Bihu preparation)। মৰাণত ঘৰে ঘৰে বিহুক লৈ বিশেষ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । মহিলাসকলে তুলসীৰ তল চাফ চিকুণ কৰাৰ লগতে আকাশ বন্তিসমূহ সাজু কৰিছে ।

Kati Bihu preparation
মৰাণৰ গ্ৰামাঞ্চলত চলিছে কাতি বিহুৰ প্ৰস্তুতি

By

Published : Oct 18, 2022, 10:51 AM IST

Updated : Oct 18, 2022, 11:14 AM IST

মৰাণ,১৮ অক্টোবৰ :আজি কাতি বিহু (Kati Bihu 2022)। চাৰিওফালে চলিছে বিহুৰ প্ৰস্তুতি । গ্ৰামাঞ্চলত এক ব্যস্ততাপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে । পুৱাৰে পৰা ঘৰে ঘৰে চলিছে বিহুৰ প্ৰস্তুতি ।

মৰাণৰ গ্ৰামাঞ্চলত চলিছে কাতি বিহুৰ প্ৰস্তুতি

উল্লেখ্য যে অসমীয়া সমাজ জীৱনত বিহুৰ ঐতিহ্য আৰু মাদকতাই বহন কৰি আহিছে এক সুকীয়া মাত্ৰা । ব'হাগ বিহু আৰু মাঘ বিহুৰ লগতে কাতি বিহুৰো বিশেষ গুৰুত্ব আছে অসমীয়া সমাজত (Assam Bihu festival)। কাতি বিহুক কঙালী বুলি ক'লেও এই কাতি বিহু অসমীয়া সমাজ জীৱনত যুগ যুগ ধৰি পালিত হৈ আহিছে ।

কৃষি আৰু চহা জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কাতি বিহুত সেউজ ধাননি পথাৰত আকাশ বন্তি জ্বলাই কৃষকৰ সপোনৰ ধাননি ডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে তুলসী তলত বন্তি জ্বলাই সকলোৱে মংগল কামনা কৰে । কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ-দুৱাৰ, আলি–পদূলি আদি চাফ চিকুণ কৰে । লোক-বিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ-দুৱাৰ, চোতাল-পদূলি চাফা হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে ।

সেই অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সকলো অসমীয়া আজি ব্যস্ত হৈ পৰিছে । পৃথক নহয় মৰাণ । মৰাণৰ খোৱাং বাঘটলীত ঘৰে ঘৰে চলিছে বিহুৰ প্ৰস্তুতি (Kati Bihu preparation in Moran)। সন্ধিয়ালৈ যিহেতু বিহুৰ পৰম্পৰা ৰক্ষা কৰি আকাশ বন্তি জ্বলোৱা হ'ব, সেয়ে পুৱাৰে পৰা তুলসী তলসমূহ চাফা কৰাৰ লগতে বন্তিসমূহ সাজু কৰি তোলা হৈছে ।

সমান্তৰালকৈ গাঁ‌ৱৰ মহিলাসকল ঢেঁকীশালত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে । বিহুৰ পৰম্পৰা বুলি পিঠা-লাড়ু আদি বনোৱাত ব্যস্ত হৈ পৰিছে মহিলাসকল । মহিলাসকলে মাজে মাজে জুৰিছে বিহু গীতৰ কলি । কাতি বিহুক কঙালী বুলি ক'লেও কৃষিপ্ৰধান অঞ্চলটোৰ প্ৰতিগৰাকী জীয়ৰী-বোৱাৰীৰ মনত এতিয়া বিহুৰ উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । মুঠতে প্ৰতিজন অসমীয়াৰ মনত বিহুক লৈ বিশেষ আনন্দ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :Recruitment examination Result: মঙলবাৰে ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল

Last Updated : Oct 18, 2022, 11:14 AM IST

ABOUT THE AUTHOR

...view details