টিংখাং, 17 অক্টোবৰ : কাইলৈ কাতি বিহু । পৰম্পৰা অনুসৰি কাতি বিহু পালনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাঙতো কৃষিজীৱী ৰাইজৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে । কাতি বিহুৰ সন্ধিয়া তুলসী তলত বন্তি জ্বলাই নাম-প্ৰসংগ কৰাৰ লগতে হেঁপাহৰ পথাৰখনিত চাকি-বন্তি জ্বলাই কৃষি শস্যৰ উৎপাদন ভাল হোৱাৰ কামনা কৰে অসমীয়া চহা ৰাইজে ।
কঙালী বিহুৰ পূৰ্বে কৃষিজীৱী ৰাইজক মাটিৰ চাকিৰ যোগান ধৰিবলৈ ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল । দিনে-নিশাই কুমাৰশালত মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল । টিংখাঙৰ সৰুজনী চাহ বাগিচাৰ মাজগাঁৱৰ ফেকু পণ্ডিত আৰু ৰাজেশ পণ্ডিত নামৰ পিতা-পুত্ৰ এতিয়া ভীষণ ব্যস্ত মাটিৰ চাকি প্ৰস্তুত কৰাত । ঘৰৰ ভিতৰে-বাহিৰে শাৰী-শাৰীকৈ সঁজাই থোৱা হৈছে মাটিৰ চাকিসমূহ ।