অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি উদযাপন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম জয়ন্তীঃ ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী - তামোলবাৰী

অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম স্থান তামোলবাৰী চাহ বাগিচা জ্যোতি তীৰ্থলৈ ৰূপান্তৰ কৰাৰ আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে, শিল্পী গৰাকীৰ তামোলবাৰী চাহ বাগিচাৰ বাসগৃহৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে জ্যোতিপ্ৰসাদৰ এটি আবক্ষ মূৰ্তি ৷

ডিব্ৰুগড় উদযাপন জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৭ সংখ্যক জন্ম জয়ন্তী

By

Published : Jun 17, 2019, 9:59 PM IST

ডিব্ৰুগড়, 17 জুনঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৭ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় তামোলবাৰী চাহ বাগিচাত । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।


অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম স্থান তামোলবাৰী চাহ বাগিচা জ্যোতি তীৰ্থলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে, শিল্পী গৰাকীৰ তামোলবাৰী চাহ বাগিচাৰ বাসগৃহৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে জ্যোতিপ্ৰসাদৰ এটি আবক্ষ মূৰ্তি ৷ লগতে জ্যোতি তীৰ্থ নামেৰে এক বিশেষ প্ৰকল্প হাতত লয়, যত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু তেখেতৰ সৃষ্টিৰাজিৰ বহু স্মৃতি আৰু সমল সন্নিবিষ্ট কৰা হ'ব । এই প্ৰকল্পই অনাগত দিনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেখেতৰ সৃষ্টিৰাজিৰ গৱেষণাৰ সমল যোগাব বুলি মন্তব্য কৰে উদ্যোগতাসকলে ৷

উল্লেখ্য যে, শিপ্লীগৰাকীৰ জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে ।বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়া,শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা,দেৱীপ্ৰসাদ বাগৰডীয়া,জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনি জীয়ৰী জয়শ্ৰী চলিহা,জ্ঞানশ্ৰী পাঠক আৰু সত্যশ্ৰী দাসৰ লগতে অনেক গণ্য মান্য ব্যক্তি ৷

ডিব্ৰুগড় উদযাপন জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৭ সংখ্যক জন্ম জয়ন্তী

আনহাতে, তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ 117 সংখ্যা ওপজা দিন উপলক্ষে তেজপুৰৰ বান থিয়েটাৰে সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে বান থিয়েটাৰৰ সেউজ কক্ষ । প্ৰয়াত উপেন ডেকাৰ নামত পূৰবী ডেকা ট্ৰাষ্টয়ে 7 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে সেউজ কক্ষ ৷ অনুষ্ঠানত বান থিয়েটাৰে ৰূপকোঁৱৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নট সূৰ্য্য ফণী শৰ্মাৰ পুত্ৰ সুজিত শৰ্মাই আৰু বিশিষ্ট কণ্ঠ শিল্পী পংকজ বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰে ৷

তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ 117 সংখ্যা ওপজা দিন উদযাপন

ABOUT THE AUTHOR

...view details