ডিব্ৰুগড়, 21 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিদিনে সংঘটিত হ’বলৈ ধৰিছে চুৰি-ডকাইতি, ধৰ্ষণ, হত্যাৰ দৰে ঘটনা ৷ এইবাৰ ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী কনিষ্ঠ চিকিৎসকক হত্যাৰ চেষ্টা কৰাৰ খবৰে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড় চহৰত (Junior Doctor Attempt to murder ) ৷
ডিব্ৰুগড়ৰ এগৰাকী কনিষ্ঠ চিকিৎসকক নিজ বাসগৃহৰ সমুখতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি হত্যাৰ প্ৰচেষ্টা চলোৱাৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত (Junior doctor attacked by miscreants)। শনিবাৰে চহৰখনৰ বৈৰাগীমঠত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । চিকিৎসকগৰাকীৰ নাম ডাঃ গীতাৰ্থ শইকীয়া ৷ ডাঃ গীতাৰ্থ শইকীয়াৰ নিজ বাসগৃহৰ চোতালতে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে অচেতন অৱস্থাতো গুৰুলা গুৰুলকৈ আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায় বুলি চিকিৎসকজনৰ অভিভাৱকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ চিকিৎসকগৰাকীক মাৰধৰ কৰি মুমুৰ্ষ অৱস্থাত পেলাই থৈ যায় দুই দুৰ্বৃত্তই ।
ইয়াৰ পিছতে স্থানীয় আৰক্ষী চকীত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰা হয় ৷ কিন্তু অভিযোগ দাখিলৰ পিছতো কোনো বিহিত ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰা নাই বুলি অভিযোগ তোলে চিকিৎসকগৰাকীৰ পৰিয়ালবৰ্গই ৷ ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলটোত । ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ কিৰণ শইকীয়া আৰু ৰুমা শইকীয়াৰ চিকিৎসক পুত্ৰ ডাঃ গীতাৰ্থ শইকীয়াক নিজ বাসগৃহৰ চোতালতে দুই যুৱকে শনিবাৰৰ সন্ধিয়া হত্যাৰ চেষ্টা কৰে (Attack on Junior Doctor in Dibrugarh) ।