অসম

assam

By

Published : Apr 21, 2021, 10:21 AM IST

Updated : Apr 21, 2021, 1:22 PM IST

ETV Bharat / state

ব্যস্ততাক একাষে থৈ গৃহস্থৰ চোতালত হুঁচৰি জুৰিলে ডিব্ৰুগড়ৰ সাংবাদিকসকলে

দৈনিক ন ন তথ্যৰে ৰাজ্য তথা দেশবাসীক প্ৰতিটো মূহুৰ্তৰ বতৰা দি থকা ডিব্ৰুগড়ৰ সংবাদ কৰ্মী সকলৰ মাজত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য ৷ কৰ্ম ব্যস্ততাৰ মাজতে অলপ সময় আঁতৰি সম্পূৰ্ণ জাতীয় সাজ-পাৰ পৰিধান কৰি, ঢোল-পেঁপা, বাঁহী আৰু পৰম্পৰাগত বিহু নাম জুৰি সন্ধিয়া হুঁচৰি জুৰিলে গৃহস্থৰ পদূলিত।

ডিব্ৰুগড়ত গৃহস্থৰ পদূলিত সাংবাদিকৰ হুঁচৰি
ডিব্ৰুগড়ত গৃহস্থৰ পদূলিত সাংবাদিকৰ হুঁচৰি

ডিব্ৰুগড়, 21 এপ্ৰিল :এফালে ব'হাগৰ বতৰ আনফালে ক'ৰণা মহামাৰী সংহাৰ ৷ তাৰ মাজতে ডিব্ৰুগড়ত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য ৷ কৰ্ম ব্যস্ততাৰ পৰা অলপ সময় আঁতৰি ৰাইজৰ মাজত জুৰিলে হুঁচৰি ৷ দৈনিক ন ন তথ্যৰে ৰাজ্য তথা দেশবাসীক প্ৰতিটো মূহূৰ্তৰ বতৰা দি থকা সংবাদকৰ্মী সকলে কৰ্ম ব্যস্ততাৰ মাজতে জুৰিছে হুঁচৰি ৷ অসমীয়া জাতীয় জীৱনৰ পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যে গৃহস্থৰ কুশল মংগল কামনা কৰি ৰাইজৰ পদূলিত জুৰিলে হুঁচৰি ৷

ডিব্ৰুগড়ত গৃহস্থৰ পদূলিত সাংবাদিকৰ হুঁচৰি
ডিব্ৰুগড় সদৰৰ দুটাকৈ প্ৰেছ ক্লাৱ ক্ৰমে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ আৰু ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সমূহ বিষয়ববীয়া-সদস্যই একত্ৰিত হৈ বিগত বহু বছৰ ধৰি হুঁচৰি গাই আহিছে যদিও বিগত বছৰটোত ক'ৰণাৰ বাবে বিহু উদযাপনৰ পৰা বিৰত আছিল ৷ কিন্তু এইবেলি পূৰ্বৰ পৰম্পৰাৰে সম্পূৰ্ণ জাতীয় সাজ-পাৰ পৰিধান কৰি, ঢোল-পেঁপা, বাঁহী আৰু পৰম্পৰাগত বিহু নাম জুৰি সন্ধিয়া হুঁচৰি গালে গৃহস্থৰ পদূলিত।
ব্যস্ততাক একাষে থৈ গৃহস্থৰ চোতালত হুঁচৰি জুৰিলে ডিব্ৰুগড়ৰ সাংবাদিকসকলে

উল্লেখ্য যে, সাংবাদিকসকলে গৃহস্থৰ কুশল-মংগল কামনাৰে আশীৰ্বাদ কৰি পোৱা মাননীৰ এটা অংশ ব্যৱহাৰ কৰে কিছু শুভ কামত । কৰ্মৰত সাংবাদিকৰ অপায়-অমংগলৰ সময়ত এই মাননীৰ পৰা কিছু অংশ দূৰ্গত সাংবাদিক বা তেওঁৰ পৰিয়ালক সহায় হিচাপে আগবঢ়াই উপকৃত কৰাৰ বাবে সঞ্চয় কৰি ৰাখে ৷ লক্ষ্যণীয়ভাৱে ডিব্ৰুগড়ৰ এইসকল সাংবাদিকৰ এই মহৎ কাৰ্যই ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনতো এক প্ৰকাৰ নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷

ডিব্ৰুগড়ত গৃহস্থৰ পদূলিত সাংবাদিকৰ হুঁচৰি

লগতে পঢ়ক: টীয়কত চেৰা বিহু উদযাপন

Last Updated : Apr 21, 2021, 1:22 PM IST

ABOUT THE AUTHOR

...view details