অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি পালন - Journalist Kamala Saikia's death anniversary

1991 চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ নিজ গৃহৰ পৰা উঠাই নি অমানুষিক অত্যাচাৰ কৰি পাছত হত্যা কৰি পেলাই যোৱা হৈছিল কমলা শইকীয়াক ৷ কিন্তু প্ৰায় তিনিটা দশকে ন্যায় বিচাৰি নাপালে সংবাদিকগৰাকীৰ পৰিয়াল আৰু সাংবাদিকসকলে ৷

Journalist Kamala Saikia's death anniversary observed at Dibrugarh
ডিব্ৰুগড়ত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি পালন

By

Published : Aug 9, 2020, 4:03 PM IST

ডিব্ৰুগড়, 9 আগষ্ট: 29 টা বছৰ সম্পূৰ্ণ কৰিলে ৰাজ্যৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ হত্যাকাণ্ডৰ ঘটনাই ৷ 1991 চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ নিজ গৃহৰ পৰা উঠাই নি অমানুষিক অত্যাচাৰ কৰি পাছত হত্যা কৰি পেলাই যোৱা হৈছিল কমলা শইকীয়াক ৷ কিন্তু প্ৰায় তিনিটা দশকত ন্যায় বিচাৰি নাপালে সাংবাদিকগৰাকীৰ পৰিয়াল আৰু সাংবাদিকসকলে ৷ চৰকাৰে চৰম অৱহেলাত ৰখা এই বিষয়টোক লৈ সাংবাদিক সংগঠনে আজিও কিন্তু অব্যাহত ৰাখিছে দাবী,প্ৰতিবাদ ৷ সাংবাদিকগৰাকীৰ 29 সংখ্যক মৃত্যুৰ দিনটোত দেওবাৰে ডিব্ৰুগড়ৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাৱে সাংবাদিকগৰাকীৰ ন্যায়ৰ দাবীত পালন কৰে কমলা শইকীয়াৰ মৃত্যু তিথি ৷ চহৰখনৰ থানা চাৰিআলিৰ পিচি গগৈ কেম্পাছৰ সন্মূখত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি জ্বলাই পুষ্প মাল্য অৰ্পণ কৰাৰ লগতে সাংবাদিকৰ নিৰাপত্তাৰ আৰু কমলা শইকীয়াৰ ন্যায়ৰ দাবী তোলে ৷ এই অনুষ্ঠানত আছুকে ধৰি ভালেমান জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাই অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলি সাংবাদিকসকলৰ নিৰাপত্তাৰ দাবী তোলে ৷

উল্লেখ্য যে, কমলা শইকীয়াৰ হত্যাৰ পাছত আজি পৰ্যন্ত ৰাজ্যত হত্যাৰ বলি হোৱা কুৰিৰো অধিক সাংবাদিকক চৰকাৰে ন্যায় প্ৰদান কৰিব নোৱাৰা বিষয়টোত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সাংবাদিকসকলে ৷ ইফালে ইয়াৰ মাজতে শনিবাৰে তিনিচুকীয়াত বীজেন দ্বীপ তাঁতী নামৰ আন এগৰাকী সাংবাদিক হত্যা কৰাক লৈ চৰকাৰে সাংবাদিক নিৰাপত্তাত চূড়ান্ত বিফল বুলি হৈছে বুলি অভিহিত কৰিছে সাংবাদিকসকলে ৷ কমলা শইকীয়াৰ মৃত্যু তিথি শীৰ্ষক অনুষ্ঠানটোত উপস্থিত থাকে বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাৱৰ উপদেষ্টা,লেখক,ঐতিহ্যমণ্ডিত কানৈ মহাবিদ্যালয়ৰ অধক্ষ্য ড0 শশীকান্ত শইকীয়া,বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা,কাৰ্যকৰী সভাপতি আদিত্য শইকীয়া,সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইৰ লগতে আন বিষয়ববীয়া সকল ৷

সাংবাদিক হত্যাৰ উচিত বিচাৰৰ দাবী সাংবাদিৰ

আটাইয়ে অনুষ্ঠানৰ মাজৰ পৰাই কমলা শইকীয়াৰ লগতে ৰাজ্যত হত্যাৰ বলি হোৱা সাংবাদিকসকলক ন্যায় প্ৰদান কৰিবৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনায় ৷ লগতে কমলা শইকীয়াৰ অভিযুক্ত হত্যাকাৰীৰ সৈতে বৰ্তমান ৰাজ্যৰ একাংশ জনগোষ্ঠীয় সংগঠনৰ নেতা,ৰাজনৈতিক ব্যক্তি আদিৰ অতি ঘনিষ্ঠ সম্পৰ্কৰ কথা উল্লেখ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতি মনজিৎ বৰাই ৷

ডিব্ৰুগড়ত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি পালন

লগতে পঢ়কঃপুঠিমাৰী নৈৰ ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ ব্যৱস্থা মন্ত্ৰী ভৱেশ কলিতাৰ

ABOUT THE AUTHOR

...view details