ডিব্ৰুগড়,30 অক্টোবৰ: ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ এগৰাকী জেষ্ঠ সাংবাদিক প্ৰদীপ গগৈৰ মৃত্যু ৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত প্ৰদীপ গগৈৰ শুক্ৰবাৰে দুপৰীয়া মৃত্যু হয়। প্ৰদীপ গগৈ এগৰাকী জেষ্ঠ সাংবাদিকেই নহয় ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি,পূৰ্বাঞ্চল তাই সাহিত্য সভা দুলীয়াজান আঞ্চলিক সমিতিৰো সম্পাদক আছিল ৷
জেষ্ঠ সাংবাদিক প্ৰদীপ গগৈ আৰু নাই - ডিব্ৰুগড় জিলা সাংবাদিক
দুলীয়াজানৰ এগৰাকী জেষ্ঠ সাংবাদিক প্ৰদীপ গগৈ আৰু নাই ৷ চিকিৎসাধীন হৈ থকা অৱস্থাত শুক্ৰবাৰে দুপৰীয়া মৃত্যু হয় প্ৰদীপ গগৈৰ ৷
জেষ্ঠ সাংবাদিক প্ৰদীপ গগৈ আৰু নাই
এই গৰাকী সাহসী সাংবাদিকে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক বিদেশৰ মাটিত গৈ পোন প্ৰথমবাৰৰ বাবে মুখামুখিকৈ সাক্ষাৎকাৰ গ্ৰহণ কৰি অসমৰ ৰাইজক প্ৰত্যক্ষ কৰাইছিল |
লগতে পঢ়ক :২ কোটি ৫১ লাখ পুঁজিৰে বহুমুখী বান আশ্ৰয় গৃহৰ আধাৰশিলা স্থাপন