মৰাণ, ৭ ছেপ্তেম্বৰ:ডিব্ৰুগড় জিলাৰ নামৰূপৰ প্ৰাক্তন সাংবাদিক অবিনাশ ৰাজখোৱাৰ আজি পুৱা অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু( Former journalist Avinash Rajkhowa passes away) হয় । দৈনিক জনসাধাৰণ (Former journalist of Dainik Janasadharan) কাকতৰ নামৰূপৰ সাংবাদিক ৰূপে কাৰ্যনিৰ্বাহক কৰা ৰাজখোৱা বিগত এটা দশক যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল । নামৰূপৰ সমাজ জীৱনৰ সৈতে সংপৃক্ত হৈ ৰাজখোৱাই বিভিন্ন সময়ত নামৰূপৰ সামাজিক, বৌদ্ধিক, আৰ্থ-সামাজিক দিশত বিশেষ ভূমিকা পালন কৰিছিল ।
উল্লেখ্য় যে ৰাজখোৱা নামৰূপ সাংবাদিক মঞ্চৰো(Member of Namrup Journalist Forum) এজন অন্যতম সদস্য আছিল ৷ মৃত্যুৰ পূৰ্বে তেওঁ দেহ আৰু নেত্ৰ দান কৰি মানৱতাৰ নিদৰ্শন দেখুৱাই গৈছে । তেওঁৰ মৃত্যুত নাহৰকটীয়া প্ৰেছ গ্ৰীল্ড, নামৰূপ সাহিত্য সভা, নামৰূপৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ৷