মৰাণ,30 ডিচেম্বৰঃ মৰাণত বুধবাৰে ৰাইজৰ দলৰ যোগদানৰ এক অনুষ্ঠান অনুষ্ঠিত হয় । ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা ভাস্কো ডি শইকীয়াৰ, মুখ্য আহ্বায়ক লোহিত গগৈ সহ কেইবাজনো নেতাৰ উপস্থিতিত সদৌ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপক শইকীয়া আৰু 'কা' বিৰোধী ঐক্য মঞ্চ মৰাণৰ সভাপতি গৰাকীৰ নেতৃত্বত প্ৰায় শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে ।
ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ পিছতে একলগ হ'ব আঞ্চলিক দলঃ ভাস্কো ডি শইকীয়া - ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়া
বুধবাৰে মৰাণত শতাধিক লোকে যোগদান কৰিলে ৰাইজৰ দলত ৷ ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই কয় যে, অহা ৭, ৮ আৰু ৯ জানুৱাৰী তাৰিখে মৰাণত ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হ'ব । এই অভিৱৰ্তনতে জাতি, ভাষা আৰু সংস্কৃতি ৰক্ষাৰ পণ লোৱা হ'ব ।
এই যোগদান কাৰ্যসূচীৰ পিছতে সাংবাদিকৰ আগত ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই কয় যে, অহা ৭, ৮ আৰু ৯ জানুৱাৰী তাৰিখে মৰাণত ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হ'ব । এই অভিৱৰ্তনতে জাতি, ভাষা আৰু সংস্কৃতি ৰক্ষাৰ পণ লোৱা হ'ব । তেওঁ লগতে কয়, ৰাজ্যিক অভিৱৰ্তনৰ পিছতে এক লগ হ'ব আঞ্চলিক দল সমূহ । এই ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ হাতত ৰাষ্ট্ৰীয়বাদ আৰু সাম্প্ৰদায়িকতাবাদ ধুলিসাৎ হ'ব বুলিও তাৎপয্য মন্তব্য কৰে ভাস্কো ডি শইকীয়াই ।
লগতে পঢ়কঃ 31 জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে মহাৰাষ্ট্ৰৰ লক ডাউন