মৰাণ,৩০ মে': মাহমৰা সমষ্টিৰ অন্তৰ্গত নিজ খালৈঘুগুৰা পঞ্চায়তৰ ২নং হলৌগুৰি গাঁৱৰ ছাত্ৰ লক্ষ্যজিৎ গগৈয়ে বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যুক সাৱটি লয় । শনিবাৰে তেখেতৰ শোকসন্তপ্ত পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে ছাত্ৰজনৰ পৰিয়ালক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী যোগেন মহনে ।
বিদ্যুৎপৃষ্ট হৈ নিহত লক্ষ্যজিৎ গগৈৰ বাসগৃহত মন্ত্ৰী যোগেন মহন - ২নং হলৌগুৰি গাঁৱৰ ছাত্ৰ লক্ষ্যজিৎ গগৈ
মৰাণ মহাবিদ্যালয় আছু গোটৰ সক্ৰিয় কাৰ্যনিৰ্বাহক সদস্য লক্ষ্যজিৎ গগৈৰ বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যু । শনিবাৰে ছাত্ৰজনৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী যোগেন মহনে ।
উল্লেখ্য যে, মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত মৰাণ মহাবিদ্যালয় আছু গোটৰ সক্ৰিয় কাৰ্যনিৰ্বাহক সদস্য লক্ষ্যজিৎ গগৈ তিনিদিন পূৰ্বে বিদ্যুৎপৃষ্ট হৈ মৃত্যুমুখত পৰে ৷ মৰাণ মহাবিদ্যালয়ৰ স্নাতক মহলৰ গণিত বিভাগৰ মেধাৱী ছাত্ৰ লক্ষ্যজিৎ গগৈয়ে ক'ভিড পৰিস্থিতিৰ বাবে মহাবিদ্যালয় বন্ধ হোৱাত আৰ্থিক দুৰৱস্থাৰ বাবে অ’এনজিচি তৈল অনুসন্ধানৰ কৰ্মত অস্থায়ীভাৱে জড়িত হৈছিল । কিন্তু কৰ্মৰত অৱস্থাতে বিদ্যুতৰ তাঁৰত আকস্মিকভাৱে স্পৰ্শ কৰাত থিতাতে অকাল মৃত্যুক আঁকোৱালি লবলগীয়া লয় লক্ষ্যজিৎ গগৈয়ে ।
লগতে পঢ়ক: সত্ৰৰ সন্মুখত শ্মশান নিৰ্মাণৰ বিৰুদ্ধে মাজুলীত প্ৰতিবাদ