অসম

assam

By

Published : Aug 29, 2022, 1:25 PM IST

Updated : Aug 29, 2022, 2:30 PM IST

ETV Bharat / state

প্ৰতিবাদত কৰাতকৈ চৰকাৰী বিদ্যালয় জীয়াই ৰখাৰ আহ্বান

চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী মাধ্যমত অধ্যয়ন কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি থকাৰ মাজতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে । ABVPয়ে ছাত্ৰ সংগঠন হোৱা বাবে ছাত্ৰ-ছাত্ৰীৰ কাৰণে মাত মাতিবই বুলি তেওঁ মন্তব্য় কৰে ।

Minister Jogen Mohan comment on ABVPs protest
প্ৰতিবাদতকৈ চৰকাৰী বিদ্যালয় জীয়াই ৰাখাৰ আহ্বান

মৰাণ, ২৯ আগষ্ট:নতুন শিক্ষানীতি(New Education Policy)অনুযায়ী পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা বাধ্যতামূলক । তথাপি অসম চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী মাধ্যমত অধ্যয়ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন জাতীয় দল-সংগঠনে(protest against teaching medium in English)। চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP)। এই ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে ।

মৰাণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে(Minister Jogen Mohan comment on ABVPs protest)কয় যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP)হৈছে এটা ছাত্ৰ সংগঠন । গতিকে ছাত্ৰ-ছাত্ৰীৰ হৈ এই ছাত্ৰ সংগঠনটোৱে মাত মাতিবই । লগতে মন্ত্ৰী মহনে কয় যে মাতৃভাষাক লৈ চৰকাৰৰ শ্ৰদ্ধা আছে । প্ৰতিবাদ কৰাতকৈ চৰকাৰৰ সৈতে দল সংগঠন সমূহক আলোচনাত বহি এই বিষয়সমূহ সমাধান কৰিবলৈ তেওঁ আহ্বান জনায় ।

প্ৰতিবাদতকৈ চৰকাৰী বিদ্যালয় জীয়াই ৰাখাৰ আহ্বান

আনহাতে, চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী মহনে কয় যে ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয় বন্ধ কৰিছে চৰকাৰে । আনকি তেওঁ অধ্য়য়ন কৰা বিদ্যালয়খনো আন এখন বিদ্যালয়ৰ সৈতে চামিলকৰণ(Amalgamation of school in Moran)কৰা বুলি কয় । গতিকে এই বিষয়ত প্ৰতিবাদ কৰাতকৈ অসমীয়া চৰকাৰী বিদ্যালয় জীয়াই ৰাখিবলৈ তেওঁ সকলোকে আহ্বান জনায় । চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ পৰিৱৰ্তে সকলোকে নিজৰ সন্তানক চৰকাৰীক বিদ্যালয়ত পঢ়ুৱাবলৈ আহ্বান জনায় মন্ত্ৰী মহনে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ জন্মদিনত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এক লাখ ঘৰ

Last Updated : Aug 29, 2022, 2:30 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details