মৰাণ, ১০ এপ্ৰিল: বিধানসভা নিবাৰ্চনক লৈ ব্যস্ত হৈ থকা বহু মন্ত্ৰী বিধায়কে নিৰ্বাচন শেষ হোৱাৰ লগে লগে দুদিন মানৰ বাবে জিৰণি লোৱা দেখা গৈছে । ইয়াৰ বিপৰীতে মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী যোহন মোহনে সমষ্টিত অসম্পূৰ্ণ হৈ থকা কামবোৰ সোনকালে শেষ কৰাৰ বাবে পৰিকল্পনা কৰা পৰিলক্ষিত হৈছে ।
শনিবাৰে চৰাইদেউ পঞ্চায়তৰ উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত এখন আলোচনা সভাৰ অনুষ্ঠিত কৰা হয় । চৰাইদেউ ভৱনৰ পেটুধোৱা পুখুৰী পাৰত অনুষ্ঠিত এই সভাত পঞ্চায়তত সম্পন্ন হোৱা বিভিন্ন উন্নয়নমূলক কামৰ বিষয়ে আলোচনা কৰা হয় ।