অসম

assam

ETV Bharat / state

নিজ পকেটৰ ধনেৰে খহনীয়া ৰোধৰ প্ৰয়াস এজন ব্যৱসায়ীৰ - খহনীয়া

নিজৰ পকেটৰ ধন খৰচ কৰি বুঢ়ীদিহিং নৈৰ পাৰত জিঅ’ বেগ স্থাপন কৰিছে নাহৰকটীয়াৰ ব্যৱসায়ী ইয়াকুব আহমেদে ৷ চৰকাৰলৈ কেৰেপ নকৰি বুঢ়ীদিহিঙৰ খহনীয়া ৰোধৰ প্ৰয়াস ব্যৱসায়ীজনৰ ৷

jio-bag-set-up-by-businessman
খহনীয়া ৰোধৰ প্ৰয়াস এজন ব্যৱসায়ীৰ

By

Published : Mar 12, 2021, 5:56 PM IST

নাহৰকটীয়া,12 মাৰ্চ : ডিব্ৰুগড়ৰ নাহৰকটীয়াত ব্যক্তিগত প্ৰচেষ্টাৰে বুঢ়ীদিহিং নৈৰ খহনীয়া ৰোধ অভিযানত নামি পৰিছে এজন লোক ৷ ৰাজ্যত নিৰ্বাচনকেন্দ্ৰিক ব্যস্ততাৰ মাজতে নিজৰ পকেটৰ পৰা পাঁচ লক্ষাধিক টকা ব্যয় কৰি নৈৰ পাৰত জিঅ’ বেগ স্থাপন কৰিছে ইয়াকুব আহমেদ নামৰ ব্যৱসায়ীজনে ৷

খহনীয়া ৰোধৰ প্ৰয়াস এজন ব্যৱসায়ীৰ

নাহৰকটীয়া নগৰৰ সমীপৱৰ্তী বানাক্ৰান্ত এলেকা জাগুণত থকা ইটাভাটাটোৰ স্বত্বাধিকাৰী ইয়াকুব আহমেদ ৷ ইটাভাটাৰ পৰা উপাৰ্জিত আয়েৰে ইয়াকুব আহমেদে বুঢ়ীদিহিঙৰ পাৰত খহনীয়া ৰোধৰ বাবে স্থাপন কৰিছে জিঅ’ বেগ ৷ বিগত 20 টা দিনত 100 মিটাৰৰো অধিক দৈৰ্ঘ এলেকাৰ নৈৰ পাৰত জিঅ’ কাৰ্পেট আৰু জিঅ’ বেগ স্থাপন কৰিছে এইজন ব্যৱসায়ীয়ে ৷

তেজপুৰৰ প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰি অনা জিঅ’ বেগ সংস্থাপনৰ কামে ইতিমধ্য 100 মিটাৰতকৈও অধিক এলেকা সামৰি লৈছে ৷ ইয়াকুব আহমেদৰ এই প্ৰচেষ্টাই কেৱল তেওঁৰ ইটাভাটাটোৰ সুৰক্ষাই নিশ্চিত কৰা নহয়, আনকি ই জাগুণ এলেকাৰ লগতে অইল ইণ্ডিয়াৰ প্ৰথমটো খাদ অৱস্থিত বুঢ়ীদিহিঙৰ পাৰৰ ছাউথ বেংক এলেকাৰ বাবে নিৰাপদ পদক্ষেপ হিচাপে গণ্য হৈছে ৷

লগতে পঢ়ক :বঙাইগাঁৱত ১২ লাখ ৫০ হাজাৰ টকা জব্দ

ABOUT THE AUTHOR

...view details