মৰাণ,১৭ মাৰ্চ: ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ খহনীয়া সমস্যাক লৈ ল’ৰা-ধেমালী কৰিছে ৰাজ্য চৰকাৰে । এই অভিযোগ ৰহমৰীয়াৰ গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ । খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে ৰূপায়ণ কৰা জিঅ’ বেগ আঁচনিত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে মঞ্চই ।
খহনীয়া প্ৰতিৰোধৰ বাবে ফটা জিঅ’ বেগ ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে । সংবাদ মাধ্যমৰ আগত ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ সভাপতি জিতুল দত্তই অভিযোগ কৰা মতে, বিভাগীয় কৰ্তৃপক্ষই ৰহমৰীয়া খহনীয়া প্ৰতিৰোধ ব্যৱস্থাক আওকাণ কৰি আহিছে । একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ প্ৰতিষ্ঠানক নিয়োজিত কৰি বিভাগীয় কৰ্তৃপক্ষই হাত সাৱটি বহি থকাৰ বাবেই খহনীয়া প্ৰতিৰোধৰ নামত ফটা জিঅ’ বেগ ব্যৱহাৰ কৰা হৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।