মৰাণ, 29 এপ্ৰিল :প্ৰাক্তন আলফা নেতা জীৱন মৰাণ ওৰফে গুণ অসমক বৃহস্পতিবাৰে অৰুণাচল সীমান্তৰ সেনাৰ জিম্মাৰ পৰা ডিব্ৰুগড়লে লৈ অহা হয় ৷ অসম আৰক্ষীৰ হৈ নামৰূপৰ উপ-আৰক্ষী অধীক্ষক কুলপ্ৰদীপ ভট্টাচাৰ্যই নেতৃত্বত লৈ অহা হয় জীৱন মৰাণক ৷ ডিব্ৰুগড়ত জীৱন মৰাণৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷
উল্লেখ্য যে, ১৯৮৪ চনত সংগঠনটোত যোগদান কৰা বৰ্তমানৰ ৬৫ বছৰীয়া আলফা নেতা জীৱন মৰাণে বাৰ্মাত প্ৰশিক্ষণ লৈছিল । ৩৭ বছৰৰ পাচত আলফাৰ পৰা অব্যাহতি লৈ ওপজা ভূমিলৈ উভতিছে জীৱন মৰাণ ।