ডিব্ৰুগডঃ30জুনঃ জয়পুৰ থানাৰ অন্তৰ্গত তিপম ফাকিয়াল গাঁৱৰ আইচেং গোহাঁই নামৰ এজন ব্যক্তিয়ে হৰিণাৰ মাংস বিক্ৰী কৰি মঙলবাৰে আৰক্ষীৰ জালত পৰে। মঙলবাৰে সন্ধিয়া সময়ত আৰক্ষীয়ে 250 গ্ৰাম হৰিণাৰ মাংসৰ সৈতে হাতে-লোটে ধৰা পেলাই লোকজনক। ইতিমধ্যে আৰক্ষীয়ে এই সংক্ৰান্তত গোচৰ ৰুজু কৰাৰ লগতে লোকজনক আটক কৰিছে বুলি জানিব পৰা গৈছে।
হৰিণাৰ মাংস সহ আৰক্ষীৰ জালত এজন
জয়পুৰত হৰিণাৰ মাংস বিক্ৰী অভিযোগত এজন ব্যক্তি আৰক্ষীৰ জালত পৰে ৷
হৰিণাৰ মাংস সহ এজন আৰক্ষীৰ জালত
লগতে পঢ়কঃ বানত দিশহাৰা সুগৰী পহুৰ পথ দুৰ্ঘটনাত মৃত্যু