ডিব্ৰুগড়, 22 মাৰ্চঃ কেৱল পুৱাৰ ভাগতেই নহয় ওৰেটো দিন জনতা কাৰ্ফিউ লৈ সঁহাৰি জনালে ডিব্ৰুগড়বাসীয়ে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19 ৰ সগাজগতাৰ বাবে নিজ নিজ ঘৰৰ ভিতৰত সোমাই থাকে ডিব্ৰুগড়বাসী ৷ স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ কৰি ৰাইজে কৰোণাক প্ৰত্যাহ্বানৰ প্ৰথমটো দীৰ্ঘকালীন প্ৰচেষ্টা গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীৰ আহ্বানত । পুৱাৰ ভাগৰ পৰাই নিজান হৈ পৰে বাট-পথ, স্তব্ধ হৈ পৰা গাড়ী মটৰ চলাচল ৷ লগতে বন্ধ দোকান-পোহাৰৰ লগতে সকলো কাৰ্যালয় ৷ যাৰ বাবে 22 মাৰ্চ অৰ্থাৎ দেওবাৰে সদা ব্যস্ত ডিব্ৰুগড় দেখা গ'ল জনশূণ্য দৃশ্য ৷
জনতা কাৰ্ফিউলৈ সঁহাৰি ডিব্ৰুগড়বাসীৰ - dibrugarh
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা জনতা কাৰ্ফিউলৈ সঁহাৰি ডিব্ৰুগড়বাসীৰ ৷
জনতা কাৰ্ফিউলৈ সহাৰি ডিব্ৰুগড়বাসীৰ