মৰাণ,23 অক্টোবৰঃক’ৰণা প্ৰতিৰোধৰ বাবেই দুৰ্গা পূজা পালনতো ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিছে কিছু নীতি-নিয়ম। অন্য ঠাইৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাত প্ৰশাসনে ক'ভিড-১৯ৰ বিৰুদ্ধে ৰাইজৰ মাজত অধিক সজাগতা বৃদ্ধিৰ বাবে আৰম্ভ কৰিছে জন আন্দোলন ।
ডিব্ৰুগড় প্ৰশাসনে ক'ভিড-১৯ৰ বিৰুদ্ধে আৰম্ভ কৰিছে জন আন্দোলন - সমান্তৰালভাৱে ডিব্ৰুগড়
ডিব্ৰুগড়ৰ পূজা মণ্ডপত ক'ভিড-১৯ প্ৰট'কলৰ পালন হৈছেনে নাই সেয়া নিৰীক্ষণ কৰি গৈছে জিলাখনৰ প্ৰশাসনিক বিষয়াই ৷ ক'ভিড-১৯ৰ ভয়াবহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মাস্ক পৰিধানৰ প্ৰয়োজনীয়তা আৰু ক'ভিড-১৯ৰ যথোচিত ৰীতি সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি গৈছে প্ৰশাসনিক বিষয়া সকলে ৷

আজি ডিব্ৰুগড় জিলাত ক'ভিড-১৯ৰ যথোচিত ৰীতি সন্দৰ্ভত আৰম্ভ হোৱা জন আন্দোলনৰ অংশস্বৰূপে পূজা মণ্ডপ সমূহত প্ৰশাসনিক বিষয়াৰ এটা দলে পূজা মণ্ডপ সমূহত চলাই অভিযান ৷ ক'ভিড-১৯ৰ ভয়াবহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মাস্ক পৰিধানৰ প্ৰয়োজনীয়তা আৰু ক'ভিড-১৯ৰ যথোচিত ৰীতি সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয় ৷
তেওঁলোকে মাস্ক পৰিধান নকৰা লোকৰ মাজত মাস্ক বিতৰণ কৰে আৰু পূজা মণ্ডপত ক'ভিড-১৯ ৰ প্ৰট'কলৰ সঠিক ভাবে পালন কৰা হৈছেনে নাই ,সেই দিশো নিৰীক্ষণ কৰে । বিষয়া সকলৰ পৰা জানিব পৰা মতে, পূজা সমিতি সমূহে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সকলো নিয়ম মানিবলৈ চেষ্টা কৰিছে যদিও কিছু সংখ্যক ৰাইজে নিয়ম উলংঘা কৰিছে । সকলোকে ক'ভিড-১৯ৰ নীতি নিয়ম মানি পূজাৰ আনন্দ উপভোগ কৰিবলৈ আহ্বান জনাই প্ৰশাসনিক বিষয়া সকলে ।