অসম

assam

ETV Bharat / state

জয়পুৰ আৰক্ষীৰ জালত মানৱ সৰবৰাহকাৰী - মানৱ সৰবৰাহ

নাহৰকটীয়াৰ জয়পুৰৰ কপৌহুৱা গাওঁৰ তছেন গগৈৰ পুত্ৰ মনজিৎ গগৈ আৰু অসমীয়া গাওঁৰ নিৱাসী হৰেন গগৈৰ পুত্ৰ লক্ষ্যজিৎ গগৈ ১৭ ছেপ্টেম্বৰৰ পৰা নিৰূদ্দেশ হৈ আছে ৷

জয়পুৰ আৰক্ষীৰ জালত মানৱ সৰবৰাহকাৰী

By

Published : Sep 30, 2019, 10:34 PM IST

জয়পুৰ, 30 ছেপ্টেম্বৰঃ ডিব্ৰুগড় জিলাৰ জয়পুৰ আৰক্ষী চকীৰ অন্তৰ্গত কপৌহোৱা গাঁৱত আটক কৰা হৈছে এজন মানৱ সৰবৰাহকাৰী ৷ ১৭ ছেপ্টেম্বৰতে ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই যোৱা দুই কিশোৰ নিৰুদ্দেশ হোৱাৰ ঘটনাৰ পিছতেই পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ১২ দিনৰ অন্তত জয়পুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অপহৰণ কাণ্ডত জড়িত এজন যুৱকক ৷

জয়পুৰ আৰক্ষীৰ জালত মানৱ সৰবৰাহকাৰী

নাহৰকটীয়াৰ জয়পুৰৰ কপৌহুৱা গাঁৱৰ তছেন গগৈৰ পুত্ৰ মনজিৎ গগৈ আৰু অসমীয়া গাওঁৰ নিৱাসী হৰেন গগৈৰ পুত্ৰ লক্ষ্যজিৎ গগৈয়ে ১৭ ছেপ্টেম্বৰ তাৰিখে বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ পৰে ৷ নামৰূপ মডেল স্কুলৰ এই দুই গৰাকী ছাত্ৰ বহু সময়লৈকে ঘৰলৈ ঘুৰি নহাত পৰিয়ালৰ লোকে সকলোতে বিছাৰ খোছাৰ কৰে যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহল দুই কিশোৰৰ ৷ অৱশেষত উপায় বিহীন হৈ পৰিয়ালৰ লোকে জয়পুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ উক্ত ঘটনা সন্দৰ্ভত জয়পুৰ আৰক্ষীয়ে তদন্ত কৰি কপৌহুৱা গাওঁৰে কুশ গগৈ ওৰফে লিকি গগৈক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখযোগ্য যে, লিকি গগৈয়ে গুজৰাটৰ এটা ৰেলৱেৰ চিট নিমাৰ্ণ কৰা কাৰখানাত কাম কৰি আহিছিল আৰু কমিছনৰ ভিত্তিত নাহৰকটীয়া, জয়পুৰকে ধৰি দাতিকাষৰীয়া অঞ্চলৰ বহু যুৱক যুৱতীক অসমৰ বাহিৰৰ বিভিন্ন কোম্পানীত বনুৱা হিচাপে নিয়োগ কৰি আহিছিল ৷ আৰক্ষীৰ জেৰাত এই দুই কিশোৰক ফুচুলাই গুজৰাটৰ পাপা সিং নামৰ এখন ধাবাত কামৰ বাবে নিয়োগ কৰা বুলি স্বীকাৰ কৰে লিকি গগৈয়ে ৷ ঘটনা সন্দৰ্ভত জয়পুৰ আৰক্ষীয়ে ৩৬৫/৩৪ নম্বৰৰ ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত অভিযুক্ত লিকি গগৈক গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details