ডিব্ৰুগড়, 7জুনঃপ্ৰায় দুমাহ দহ দিন বন্ধ আছিল মঠ-মন্দিৰ, মছজিদ-নামঘৰ তথা বিভিন্ন উপাসনাস্থলীসমূহৰ দুৱাৰ । কৰ'ণাৰ আতংকই ভক্তক বিৰত ৰাখিছিল নিজ নিজ উপাসনাস্থলীৰ পৰা । কিন্তু অৱশেষত ওৰ পৰিল যেন লাখ লাখ ভক্তৰ অপেক্ষা । নিজ মনোবাঞ্ছা, আশা, আকাংক্ষা পূৰণৰ বাবে পুনৰ প্ৰাৰ্থনা কৰিব পাৰিব উপাসনা গৃহসমূহত । কিন্তু ইয়াৰ মাজতো থাকিব বাধ্যবাধকতা । কেৱল সামাজিক দূৰত্ব বৰ্তাই ৰখা, মাস্ক পৰিধানেই নহয়,মন্দিৰত নবৈদ্য আগবঢ়াব নোৱাৰিব ভক্তই । উপাসনাৰ কাৰণে মন্দিৰলৈ যাব পাৰিব কিন্তু চাকি, ধূপ-ধুনা মন্দিৰৰ ভিতৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত থাকিব নিষেধাজ্ঞা ।
সোমবাৰৰ পৰা খোল খাব ভাৰতৰ দ্বিতীয় বৃহৎ জগন্নাথ মন্দিৰৰ দুৱাৰ - dibrugarh jagannath mandir
সোমবাৰৰ পৰা দুৱাৰ খোল খাব ডিব্ৰুগড়ৰ খনিকৰত থকা ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ জগন্নাথ মন্দিৰৰ দুৱাৰ । লকডাউনৰ বাবে ২ মাহ ১০ দিন বন্ধ হৈ আছিল মন্দিৰৰ দুৱাৰ ।
ডিব্ৰুগড়ৰ খনিকৰত অৱস্থিত ভাৰতৰ দ্বিতীয় বৃহৎ জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । মন্দিৰটোৰ মুখ্য দ্বাৰেদি মন্দিৰ চৌহদত প্ৰৱেশ কৰাৰ পাছতো মন্দিৰৰ মুখ্য উপাসনাস্থলীলৈ বৰ্তমান কিন্তু যাব নোৱাৰিব ভক্তই । মন্দিৰ চৌহদত এবাৰত মাত্ৰ ১০ ৰ পৰা ২০ জন লোকেহে প্ৰৱেশ কৰিব পাৰিব ৷ আনকি পূজাৰীয়ে ভক্তক স্পৰ্শ কৰি তিলক লগোৱাৰ ব্যৱস্থাটো বৰ্তমান বাধা ৰখা হৈছে । মন্দিৰ চৌহদত ভক্তই সমাগম কৰিলেও চোকা দৃষ্টিৰে সামাজিক দূৰত্ব আৰু আনুসংগিক নিয়ম সমূহ পালন কৰা হৈছে নাই তাক লক্ষ্য কৰিবলৈও থাকিব দুকুৰিৰ অধিক মন্দিৰ কৰ্তৃপক্ষৰ লোক আৰু লগতে মোতায়েন কৰা হ'ব আৰক্ষীও । ইফালে মন্দিৰৰ প্ৰৱেশ পথতেই থাকিব হাত ধোৱা আৰু চেনিটাইজাৰৰ ব্যৱস্থা । ভক্তৰ প্ৰস্থানৰ পাছতেই মন্দিৰ চৌহদক কৰা হ'ব ছেনিটাইজেচনৰ ব্যৱস্থা ।
লগতে পঢ়কঃসফলতাৰ অন্তৰায় নহয় আৰ্থিক অনাটন