নিউজ ডেস্ক, 13 অক্টোবৰ: অৱশেষত বিজেপি দলে এটা ললিপপ দিলে দলটোৰ অন্যতম এজন জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনক (MLA Prasanta Phukan) ৷ কেৱল উজনি অসমৰে নহয় সমগ্ৰ অসমৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ সমষ্টি হিচাবে পৰিগণিত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰা 4 বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰশান্ত ফুকনক দলটোৱে বোলাইছে ভালৰি ৷ শেহতীয়াকৈ দলটোৱে বিধায়কজনৰ প্ৰতি দেখুওৱা আচৰণে এই কথাকে প্ৰতীয়মান কৰিছে বুলি সৰৱ চৰ্চা চলিছে ৰাজনৈতিক মহলত ৷
উল্লেখ্য যে, কংগ্ৰেছৰ শেষৰটো শাসনকালত অভাৱনীয় মূল্যবৃদ্ধিৰ বিষয়টো মূল ইছ্যু হিচাবে লৈ বিজেপিৰ সপক্ষে ব্যাপক জনমত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল দলটোৰ দুই জোষ্ঠ নেতা প্ৰশান্ত ফুকন আৰু বিজয়া চক্ৰৱৰ্তীয়ে ৷ পেট্ৰ'লজাত সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ প্ৰশান্ত ফুকনে গৰুগাড়ীত উঠি যোৱা কথাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ সংবাদ মাধ্যমতো বিষয়টো বহল প্ৰচাৰ হৈছিল ৷
সেই বিষয়টোৱে জনসাধাৰণৰ মাজত ইমান গভীৰভাৱে প্ৰভাৱ পেলাইছিল যাৰবাবে পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছ দলক ৰাজ্যৰ গৰিষ্ঠসংখ্যক জনগণে নস্যাৎ কৰি বিপুল সংখ্যগৰিষ্ঠতাৰে অগপ-বিজেপি মিত্ৰজোঁটক(AGP BJP ALLIANCE) ৰাজ্যৰ শাসনৰ গাদীলৈ আদৰি আনিছিল ৷ তাৰপাছতেই উজনি অসমৰ অন্যতম প্ৰভাৱশালী নেতা হিচাপে চিহ্নিত হোৱা প্ৰশান্ত ফুকনক চৰকাৰে মন্ত্ৰীত্ব প্ৰদান কৰিব বুলি সৰৱ চৰ্চা চলিছিল ৷
অৱশ্যে মন্ত্ৰীত্ব লাভ নকৰিলে প্ৰশান্ত ফুকনে ৷ কংগ্ৰেছৰ জয়জয়কাৰ দিনটো ডিব্ৰুগড় সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা প্ৰশান্ত ফুকনক মন্ত্ৰীত্ব প্ৰদান কৰা হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও সৰ্বানন্দ সোণোৱালপন্থী হিচাবে জনাজাত বিধায়কজন বঞ্চিত হৈছিল মন্ত্ৰীত্ব লাভৰ পৰা ৷ শেহতীয়াভাবে পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত বিধায়ক ফুকনক সন্তষ্ট কৰি ৰাখিবলৈ ৰাজ্যিক বিজেপিয়ে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ অৰ্থাৎ কেবিনেট মন্ত্ৰীৰ সমপৰ্যায়ৰ মৰ্যাদা দি ফুকনক ভালৰি বোলাবলৈ চেষ্টা কৰা বুলি সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে ৷