মৰাণ, 26 আগষ্ট: যি সময়ত চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়তে একাংশ ঠিকাদাৰে চলাই গৈছে লুন্ঠনৰাজ ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাকো যেন এক প্ৰকাৰে বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰে চলাই গৈছে লুন্ঠনৰাজ । একাংশ ঠিকাদাৰৰ মইমতালিৰ বাবে বিভিন্ন সময়ত কুফল ভোগ কৰিবলগীয়া হয় সাধাৰণ জনতাই৷ শেহতীয়াকৈ, এনে এক ঘটনাই সংঘটিত হৈছে মৰাণত ৷ এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক (Poor Condition of Road in Moran) ৷ বিধ্বস্ত ৰূপত পৰিণত মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ শেনচোৱা পুখুৰী আৰু শিলপুতা সংযোগী পথটো ।
উল্লেখ্য যে, দুবছৰ পূৰ্বে পকীকৰণ কৰা হৈছিল পথচোৱা৷ কিন্তু দুবছৰ পিছতে পথটোৰ এচোৱাত এতিয়া একাঁঠু বোকা । কোটি টকা খৰচ বাবদ নিৰ্মাণ কৰা পথটোৰ দুৰাৱস্থাই ৰাইজক বাৰুকৈয়ে জলা-কলা খুৱাইছে । কেৱল ইমানেই নহয়, পথটোত থকা পকী দলংখনৰ এটা মুৰত পথটোৰ এটা অংশ প্ৰায় খহি পৰিছে । বিপদসংকুল ভাৱে পাৰাপাৰ হ'ব লগা হৈছে যান-বাহনসমূহ । যাৰ ফলত যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে দুৰ্ঘটনা ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, পথচোৱা মেৰামতি কৰাৰ সময়ত ৰাইজে ঠিকাদাৰক পথটো ভালদৰে মেৰামতি কৰিবলৈ কাতৰ অনুৰোধ কৰিছিল যদিও ৰাইজৰ অনুৰোধক কৰ্ণপাত নকৰিলে ঠিকাদাৰে ।