অসম

assam

ETV Bharat / state

বিদ্যুৎ যোগানত বেমেজালিৰ সম্ভাৱনা: নাথাকিব নেকি শক্তিমন্ত্ৰীৰ শক্তি ? - বিজুলী ভৱন

বিদ্যুত যোগান ব্যৱস্থাত আৰু অধিক বিসংগতিৰ সম্ভাৱনা ৷ 25 আগষ্টৰ পৰা অসহযোগ কৰাৰ হুংকাৰ পাৱাৰ্ছ ইলেকট্ৰিকেল কন্ট্ৰেক্টৰ এ'ছচিয়েছনৰ ৷

irregular-power-distribution-coming-on-the-way-as-contractors-association-in-assam-has-decided-to-stop-service
বিদ্যুৎ যোগানত বেমেজালিৰ সম্ভাৱনা: নাথাকিব নেকি শক্তিমন্ত্ৰীৰ শক্তি?

By

Published : Aug 23, 2021, 10:21 PM IST

ডিব্ৰুগড়, 23 আগষ্ট :ৰাজ্যজুৰি বিদ্যুতৰ ব্যাপক নাতনি অব্যাহত আছে ৷ এই সময়তে পাৱাৰ্চ ইলেক্টিকেল কন্ট্ৰেক্টৰ এচ’চিয়েছনৰ অধিনৰ অস্থায়ী কৰ্মচাৰী সকলৰ সেৱা সমূহ 25 আগষ্টৰ পৰা বন্ধ কৰাৰ হুংকাৰ দিছে সন্থাই ৷ ডিব্ৰুগড়ত অসম শক্তি বিতৰণ কোম্পানীৰ(APDCL)ৰ বৈদ্যুতিক কাৰ্যালয় প্ৰাঙ্গণত পাৱাৰ্চ ইলেকট্ৰিকেল কন্ট্ৰেক্টৰ এছ'চিয়েছনে এক সংবাদমেল যোগে এই ঘোষণা কৰিছে ।

এই সংবাদ মেল সম্বোধন কৰি কন্ট্ৰেক্টাৰ এছ'চিয়েছনে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অতি সংকটকালতো নিয়াৰিকৈ কাম কৰি অহাৰ কথা উল্লেখ কৰে ৷ কিন্তু, ইয়াৰ পাছতো বৰ্তমানৰ স্থানীয় পঞ্জীকৃত ঠিকাদাৰ সকলক নিবিদা(tender) লাভৰ পৰা বঞ্চিত কৰি বৃহৎ বহিৰাগত পুঁজিপতি গোষ্ঠীক ৰঙা দলিচা পাৰি দিয়া হৈছে বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে । এই ক্ষেত্ৰত চৰকাৰৰ ওপৰতো ষড়যন্ত্ৰত লিপ্ত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰা হয় ।

বিদ্যুৎ যোগানত বেমেজালিৰ সম্ভাৱনা: নাথাকিব নেকি শক্তিমন্ত্ৰীৰ শক্তি?

জানিব পৰা মতে, ৰাজ্যৰ বহু চাৰ্কলৰ অধিনৰ এই ঠিকাদাৰ সকলে শেহতীয়া নিৰ্বাচনৰ ষ্ট্ৰং ৰুমৰ বিদ্যুৎ ব্যৱস্থাকে আদি কৰি কেইবাখনো আঁচনিৰ কামৰ বহু কোটি টকা পাবলৈ বাকী আছে । কিন্তু, ইয়াৰ পাছতে নতুনকৈ ঠিকা লাভৰ ক্ষেত্ৰত যোগ্যতাৰ বাবে পাহাৰ সদৃশ নীতি নিৰ্দেশনা জাৰি কৰি স্থানীয় পঞ্জীয়নভুক্ত ঠিকাদাৰ সকলক বঞ্চিত কৰি বৃহৎ পুঁজিপতি গোষ্ঠীৰ সুবিধা হোৱাকৈ গুৱাহাটীৰ বিজুলী ভৱনত নিবিদা আহ্বান কৰাৰ অভিযোগ কৰিছে থলুৱা ঠিকাদাৰ সকলে ।

এই ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজ্যৰ নতুন শক্তিমন্ত্ৰী বিমল বৰাৰ ভূমিকাকো নিমাতি কইনা আখ্যা দিয়ে থলুৱা ঠিকাদাৰ সকলে । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিগত সময়চোৱাত স্থানীয় ঠিকাদাৰ সকলে কৰা কামৰ বাবদ পাব লগা বৃহৎ পৰিমাণৰ প্ৰাপ্য আদায় ধন আদায় নিদি ঠিকাদাৰ সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰা বুলিও ক্ষোভ উজাৰিছে কন্ট্ৰেক্টৰ এছ'চিয়েছনে । এনেবোৰ বৈষম্য মূলক কাম-কাজ বন্ধ কৰি থলুৱা ঠিকাদাৰ সকলক কাম কৰাৰ সুবিধা প্ৰদান নকৰিলে অহা ২৫ আগষ্টৰ পৰা থলুৱা ঠিকাদাৰ সকলে কাম নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ইয়াৰোপৰি উপ-সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰীৰ সেৱাসমূহ উঠাই লোৱাৰো হুংকাৰ দিয়ে ঠিকাদাৰ সকলে ৷ ইয়াৰ লগতে, লিমিটেডৰ অধীনত চলি থকা ঠিকা ভিত্তিক বাহনৰ সেৱাসমূহ উঠাই লোৱা হ’ব বুলিও সংবাদমেল যোগে স্পষ্ট কৰি দিয়ে থলুৱা ঠিকাদাৰ সকলে । ইফালে, ইয়াকেলৈ সৰ্বসাধাৰণ ৰাইজে বিজুলীৰ আৰু অধিক সমস্যাৰ সন্মুখীন হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে বুলি সম্ভাৱনীয়তা ব্যক্ত কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক :শ্বহীদ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতিও পাহৰিলে নেকি বিজেপি চৰকাৰে ?

ABOUT THE AUTHOR

...view details