মৰাণ, ২০ মে': সমাপ্তিৰ দিশে আগবাঢ়িছে আই পিএল । তথাপি দেশৰ অন্য় প্ৰান্তৰ লগতে অসমতো অব্যাহত আছে আই পিএলৰ জ্বৰ (IPL Gambling Game in Assam)৷ এই জ্বৰৰ মাজতেই আই পিএল ক্ৰিকেটৰ নামত একাংশ অসাধু লোকে চলাই আছে জুৱাৰ ৰমৰমীয়া বেহা ৷ সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে এই জুৱাৰ ৰমৰমমীয়া বেহা ৷
আই পি এলক কেন্দ্ৰ কৰি ডিব্ৰুগড়তো চলি আছে এই জুৱা ৷ জিলাখনৰ অলিয়ে-গলিয়ে এতিয়াও চলি আছে আই পিএলৰ জুৱা ৷ আই পিএলৰ এনে জুৱাৰ এই ৰমৰমীয়া বেহাৰ ফলত বহু লোক সৰ্বস্বান্ত হৈ পৰাৰো অভিযোগ উত্থাপিত হৈছে (IPL gambler arrested) ৷ তেনে সময়তে আই পি এল জুৱাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ডিব্ৰুগড় আৰক্ষী । এইবাৰ আৰক্ষীৰ জালত পৰিল দুই আই পিএল জুৱাৰী ।
ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত শান্তি শৃংখলা অটুত আছে বুলি দাবী কৰি আহিলেও ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । এইবাৰ বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই আই পি এল জুৱাৰী । আৰক্ষীৰ জালত পৰা এই দুই আই পি এল জুৱাৰী হৈছে বাবলু আলী (৪১)আখতাৰ শ্বেইখ (৪৩) (Dibrugarh Police against IPL gambling)।