অসম

assam

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেলেংকাৰীঃ কেইবাজনো বিষয়াক নিলম্বন - ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ

বিয়লি ২-৩০ বজাৰ পৰা তদন্ত কৰিব ভুৱা বিলৰ অভিযোগৰ তদন্ত,চহী,হাতৰ আখৰ বিভিন্ন নথি পত্ৰ পৰীক্ষা,বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ আদিকে ধৰি উত্থাপিত অভিযোগৰ তদন্ত কৰি ৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি দলটোৱে উল্লেখ কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত ৰাজ্যপালৰ তদন্তকাৰী দলঃ কেইবাজনো বিষয়াক নিলম্বন
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত ৰাজ্যপালৰ তদন্তকাৰী দলঃ কেইবাজনো বিষয়াক নিলম্বন

By

Published : Feb 4, 2021, 10:06 AM IST

মৰাণ,4 ফেব্ৰুৱাৰীঃডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন দুৰ্নীতি সন্দৰ্ভত ধাৰাবাহিক আন্দোলনৰ অন্তত বুধবাৰে ৰাজ্যপালে গঠন কৰি দিয়া তদন্তকাৰি দলটোৱে উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছ । ৰাজ্যপালে প্ৰেৰণ কৰা দলটোত আছে শিক্ষা সংসদৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া,উজনি অসম আয়ুক্ত মলয় বৰা,ফৰেনচিক বিজ্ঞানী ৰাজীৱ শেনচোৱা আৰু ইচৰাফিল মুছাহাৰী ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত ৰাজ্যপালৰ তদন্তকাৰী দলঃ কেইবাজনো বিষয়াক নিলম্বন

উল্লেখযোগ্য যে,বিয়লি ২-৩০ বজাৰ পৰা তদন্ত কৰিব ভুৱা বিলৰ অভিযোগৰ তদন্ত,চহী,হাতৰ আখৰ বিভিন্ন নথি পত্ৰ পৰীক্ষা,বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ আদিকে ধৰি উত্থাপিত অভিযোগৰ তদন্ত কৰি ৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি দলটোৱে উল্লেখ কৰে।

সম্প্ৰতি বিত্তীয় অনিয়মৰ তথ্য পোহৰলৈ অহাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হৰিচন্দ্ৰ মহন্ত, উপ-পঞ্জীয়ক(বিত্ত) দিগন্ত বৰাক নিলম্বন কাৰ্যবাহী পৰিষদৰ ৷ জিতেন হাজৰিকা নতুন পঞ্জীয়ক (i/c), পৰমানন্দ সোণোৱাল উপ-পঞ্জীয়ক (i/c) হিচাপে দায়িত্ব অপৰ্ণ কৰে ৷


লগতে পঢ়কঃ মহানগৰীৰ চচলত প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details